স্বাস্থ্য সম্পৰ্কীয় বিধিগত সকীয়নি: উক্ত ভিডিওটোত থকা বিষয়টি স্বীকৃত চিকিৎসা পদ্ধতি বা আপুনি প্ৰতক্ষ্যভাৱে লগ পোৱা চিকিৎসকৰ উপদেশৰ সমাৰ্থক নহয়। শাৰিৰীক তথা মানসিক যিকোনো অসুবিধাৰ বাবে আপুনি ওচৰৰ চিকিৎসকৰ লগত যোগাযোগ কৰক৷ এইয়া অত্যন্ত জৰুৰী ৷ আমাৰ ভিডিওবোৰৰ একমাত্ৰ উদ্দেশ্য হ’ল সমগ্ৰ অসমীয়া ৰাইজৰ মাজত স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনা ৷ এই ভিডিও উপভোগ কৰি আপোনাৰ জীৱন শৈলী, খাদ্য ৰীতি, ঔষধ ইত্যাদি সলনি কৰিব হ’লে আপোনাৰ চিকিৎসকৰ অনুমতি আৰু উপদেশ গ্ৰহণ কৰক৷ আপুনি যদি কিবা বেমাৰত ভুগি আছে বা আছিল তথা যদি আপুনি কিবা দৰৱ খায় আছে বা আছিল তেন্তে আপোনাৰ মেডিকেল নথিপত্ৰ সকলোখিনি ভেকচিন দিয়াৰ আগত দায়িত্বত থকা চিকিৎসক জনক দেখুৱাওক লগতে আপোনাক চিকিৎসা কৰি থকা চিকিৎসকৰ লগত আগতে এবাৰ পৰামৰ্শ কৰি লওক৷
Urinary Track Infection (UTI) অৰ্থাৎ প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ কথাটো কোনেও নুশুনাকৈ থকা নাই চাগে৷ সঘনাই প্ৰস্ৰাৱ লগা, বাৰে বাৰে প্ৰস্ৰাৱ কৰিব গৈ থকাৰ পাছতো কম কমকৈ প্ৰস্ৰাৱ হোৱা, প্ৰস্ৰাৱ কৰাৰ অলপ পাছতে আকৌ লগা, প্ৰস্ৰাৱ জ্বলা পুৰা কৰা, মূত্ৰদ্বাৰত অত্যন্ত বিষ হোৱা, তল পেটৰ বিষ, তেজ ৰঙা প্ৰস্ৰাৱ হসৱা, বমি বমি লাগি থকা বা বমি হোৱা আৰু পাছলৈ ঠাণ্ডা লাগি বহুত বেছি জ্বৰ উঠাৰ দৰে এটা বা তাতকৈ বেছি লক্ষণ কিছুমানে মহিলা মানুহ সকলক জীৱনৰ কোনোবা নহয় কোনোবা সময়ত দিগদাৰী দি আহি আছে৷ কথাষাৰ হয়নে বাৰু?
পুৰুষতকৈ মহিলাৰ UTI বেছিকৈ কিয় হয়:
আমি সকলোৱে জানো যে আমাৰ কিডনীত সৃষ্টি হোবা প্ৰস্ৰাৱ আহি আমাৰ তলপেটত থকা Urinary Bladder অৰ্থাৎ মূত্ৰাশয় নামৰ মোনাখনত জমা হয়৷ যেতিয়া এটা সীমাতকৈ প্ৰস্ৰাৱ বেছিকৈ হয় তেতিয়া ব্ৰেইনলৈ সংকেত যায় যে আমি প্ৰস্ৰাব কৰিব লাগে অৰ্থাৎ মূত্ৰাশয় খালী কৰিব লাগে৷ যেতিয়া আমি প্ৰস্ৰাৱ কৰো আমাৰ মূত্ৰাশয়ৰ পৰা এডাল Utethra নামৰ নলীৰে প্ৰস্ৰাৱ বাহিৰলৈ ওলাই যায়৷ পুৰুষৰ ক্ষেত্ৰত এই Urethra ডাল মহিলাতকৈ বহু দীঘল কাৰণ পুৰুষৰ লিংগটো দীঘল৷ তাৰ ফলত:
- মহিলাৰ শৌচদ্বাৰটো মূত্ৰদ্বাৰৰ তেনেই ওচৰতে থাকে যাৰ ফলত সেইখিনি ঠাইত থকা বেক্টেৰিয়া (যেনে E.Coli) তথা আন বেমাৰ সৃষ্টি কৰিব পৰা অনুজীৱ বোৰে প্ৰস্ৰাৱৰ ৰাস্তাৰ ইনফেকশ্যন কৰিব পাৰে ৷
- আৰু যিহেতু Urethra ডাল চুটি সেয়েহে ওপৰলৈ ইনফেকশ্যনবোৰ সহজে উজাই গৈ Bladder, Ureter, Kidney ইত্যাদিলৈকে বিয়পিব পাৰে ৷
UTI ৰ পৰা কেনেকৈ খুব সহজে হাত সাৰি থাকিব :
- সৰুৰে পৰা ছোৱালী মহিলাসকলক শিকোৱা হওক যে প্ৰস্ৰাৱ কৰাৰ পাছত প্ৰতেকবাৰে প্ৰস্ৰাৱৰ ৰাস্তাটো ভালকৈ পানী মাৰি ধোৱা উচিত৷
- শৌচ কৰাৰ পাছত শৌচদ্বাৰ ভালকৈ চাফা কৰা উচিত৷
- অন্তৰ্বাস বোৰ সদায় ভালকৈ ধুই ৰ’দত শুকোৱা উচিত৷
- অন্তৰ্বাস বিলাক ভালদৰে ইস্ত্ৰি কৰাটো জৰুৰী৷
- পুৰুষ সংগীজনৰ যদি প্ৰস্ৰাৱৰ ইনফেকশ্যন (সংক্ৰমণ) বা বেমাৰ হৈ আছে তেন্তে সোনকালে চিকিৎসা কৰাওক৷
- সৰহ পৰিমাণে পানী সেৱন কৰক, কাৰণ বেছি পানী খালে বেছি প্ৰস্ৰাৱ হ’ব আৰু সেই বেছিকৈ হোবা প্ৰস্ৰাৱ বিলাকে ভিতৰলৈ সোমাব ধৰা ইনফেকশ্যনবোৰ ধুই লৈ যাব৷
সামৰণি:
UTI ৰ লক্ষণ দেখা দিলে বহুতো মহিলাই প্ৰথম অৱস্থাত অৱজ্ঞা কৰা দেখা যায়৷ কিন্তু পাছলৈ এই ইনফেকশ্যন বেছি হ’লে বা তেজত গৈ পালে পাছলৈ ৰোগীৰ অবস্থা বেচি বেয়ালৈ যাব পাৰে৷ ভাৰতৰ নিচিনা দেশত এনে ধৰণৰ প্ৰতিৰোধ কৰিব পৰা বেমাৰৰ দ্বাৰা বহুতো মহিলাৰ মৃত্যু পৰ্যন্ত হোবা দেখা যায়৷ আহক আমি সজাগ হও আৰু আনকো সজাগ কৰো৷ লিখনিটো পঢ়ি আপুনি যদি কিছু কথা শিকিব পাৰিলে তেন্তে তলত এটা কমেন্ট দিয়ে যেন৷ ধন্যবাদ৷
অলপ দিনৰ আগত মোৰ এইটো সমস্যা হৈ এক সপ্তাহ মেডিকেলত পৰি আছিলো। একো খাব পৰা নাছিলো বহুত দিন। এতিয়া অৱশ্যে ভাল পাইছো অলপ অলপ। আপোনাৰ লেখা খিনিৰ বাবে অশেষ ধন্যবাদ ছাৰ। 🙏
Val lagil kotha khini Jani.. thank you
ধন্যবাদ দাদা