আপুনি যদি এটা শিশু সন্তানৰ (ল’ৰা/ছোৱালী) অভিভাৱক হয় এইখিনি কথা আপুনি পঢ়াটো অতিকৈ জৰুৰী৷
বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক সকলৰ লগত (বিশেষকৈ ছোৱালী) “যৌন উৎপীড়ন” বা “Sexual harassment” ৰ ঘটনাবোৰ যেন এতিয়া সাধাৰণ কথা হৈ পৰিছে৷ তাৰবাবে দোষী সকলৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিও বিহা হৈছে৷ মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে৷ কিন্তু সমান্তৰালভাৱে আমাৰ শিশু সকল বা কিশোৰ কিশোৰী যাৰ বয়স ১৮ বছৰতকৈ কম তেওঁলোকৰ লগতো এনেকুৱা জঘন্য অপৰাধ হোৱা পৰিলক্ষিত হৈছে৷ এই অপৰাধৰ লগত জড়িত অপৰাধীবোৰক উচিত শাস্তি প্ৰদানৰ বাবে সময়ে সময়ে বিভিন্ন শক্তিশালী আইন ৰচনা হৈছে৷ এইয়া আমাৰ বাবে অতিকৈ ইতিবাচক কথা৷
সেই উদ্দেশ্যকে সৰোগত কৰি ২০১২ চনত PROTECTION OF CHILDREN FROM SEXUAL OFFENCES ACT 2012 খনৰ প্ৰণয়ন হৈছিল৷ আৰু বৰ্তমান সময়ত এই আইনখনত সকলোতকৈ শক্তিশালী আইন বুলি ক’লেও ভুল নহ’ব৷ এই আইনখনৰ মতে পিড়ীতা/পিড়ীত ল’ৰাও হ’ব পাৰে বা ছোৱালীও হ’ব পাৰে৷ আকৌ অপৰাধী ল’ৰাও হ’ব পাৰে ছোৱালীও হ’ব পাৰে৷
সেয়ে আমি বুজা উচিত বা এইটো ভুল ধাৰণা মনত লৈ থকাটো অনুচিত হ’ব যে যৌন উৎপীড়ন বা তেনে অপৰাধবোৰ অকল ছোৱালীৰ লগতে হয়৷
কেনে ধৰণৰ অপৰাধ হ’ব পাৰে?
*ল’ৰা বা ছোৱালীজনীৰ ওপৰত যৌন উৎপীড়ন হ’ব পাৰে৷
*ল’ৰা বা ছোৱালী জনীক অপৰাধীজনে নিজৰ গুপ্তাংগ দেখুৱাই বা স্পৰ্শ কৰাব পাৰে৷
*ল’ৰা বা ছোৱালীজনীক অশ্লীল ফটো বা ভিডিও দেখুৱাব পাৰে৷
*ল’ৰা বা ছোৱালীজনীৰ যিকোনো অংগত অপৰাধীজনে তেঁওৰ গুপ্তাংগ সন্নিৱেশ কৰিব পাৰে৷
আইনে কি কয়:
এই অপৰাধ বোৰৰ পৰা সমাজক ৰক্ষা কৰিবলৈ তথা অপৰাধীক কঠোৰতম শাস্তি দিয়াৰ উদ্দেশ্যে কেইবাখনো আইনে আগভাগ লৈছিল৷
*“INDIAN PENAL CODE” ৰ “SECTION 377” ৰ “UNNATURAL OFFENCES” ৰ অধীনত এইবোৰ অপৰাধৰ বাবে শাস্তিৰ বিধানবোৰ ৰখা হৈছিল৷
*POCSO অৰ্থাৎ “PROTECTION OF CHILDREN FROM SEXUAL OFFENCES ACT” খনৰ প্ৰণয়ন হ’ল ২০১২ চনত৷ ইয়াতে বিভিন্ন SECTION ৰ অধীনত অপৰাধ অনুযায়ী শাস্তিবোৰৰ বিধান ৰখা হৈছে৷
কেনেদৰে ৰোধ কৰিব?
অপৰাধ বোৰে কেতিয়াও আগজাননী দি নাহে৷ হঠাৎ হৈ যায়৷ সেয়ে আমি আমাৰ ল’ৰা ছোৱালীবোৰক সিঁহতে বুজা ধৰণে বুজাব লাগিব৷ ভাল স্পৰ্শ বেয়া স্পৰ্শ কি বস্তু বুজাব লাগিব৷ এনেকুৱা ঘটনা যদি কেতিয়াবা ঘটে যাতে আহিয়েই অভিভাৱকক কথাবোৰ অৱগত কৰে সেইটো বুজাব লাগিব৷ এনেধৰণৰ শিক্ষা দিলে হয়তো সিঁহতে কিছু সাৱধানতা অৱলম্বন কৰিব পাৰিব৷
সামৰণি:
সৰু ল’ৰা ছোবালীবোৰে হয়তো এনেকুৱা কঠিন পৃথিৱী এখনো আছে বুলি ভাৱিবই নোৱাৰে৷ কিন্তু আমি বুজাই দিব লাগিব ক’ব লাগিব যে পৃথিৱীখন তেনেই কঠিন৷ সতৰ্ক হৈ চলিবই লাগিব৷ আপোনালোকৰ এই বিষয়টোৰ ওপৰত মতামতবোৰ কি জনাবচোন৷ ধন্যবাদ৷