Homeঅতিথি লেখকৰ শিতানইচ্ছা, আগ্ৰহ আৰু কলাসুলভ মন থাকিলে আকাশ চুব পৰা এটা কেৰিয়াৰ হৈছে...

ইচ্ছা, আগ্ৰহ আৰু কলাসুলভ মন থাকিলে আকাশ চুব পৰা এটা কেৰিয়াৰ হৈছে “গ্ৰাফিক্স ডিজাইনিং”

বৰ্তমান সময়ত কেৰিয়াৰৰ প্ৰতিযোগিতাৰ দৌঁৰত নিজৰ পেছা হিচাপে বিভিন্ন জনে বিভিন্ন বিষয় নিৰ্বাচন কৰি লয়৷ এই ক্ষেত্ৰত আগৰ তুলনাত আজিৰ যুগত কেৰিয়াৰ বুলি ক’লে অকল এটা চৰকাৰী চাকৰিয়ে যথেষ্ট নহয় এইয়া প্ৰতিপন্ন হৈছে৷ সময়ৰ সলনিৰ লগে লগে আজিৰ ছাত্ৰ সমাজৰ কেৰিয়াৰ বা পেছাগত দিশটোৰ ওপৰত মতাদৰ্শবোৰ কিছু সলনি হোবা দেখা গৈছে৷ আজিকালি বহুতে ব্যৱহাৰিক পেছাবোৰ বাছি লোৱা দেখা যায়৷ তাৰে উদাহৰণ স্বৰূপে ক’ব পাৰি “Graphics Degining” ৰ কথা৷ আজিৰ পৰা ১০-১৫ বছৰ আগত হযতো আমাৰ অসমত এই বিষয়টোৰ বিষয়ে খুব কম সংখ্যক লোকেহে জ্ঞাত আছিল৷ আৰু জানিছিল যদিও এইটোও এটা পেছা হ’ব পাৰে সেয়টো ভাৱিবই পৰা নাছিল৷ কিন্তু লাহে লাহে কিছু লোকৰ আগ্ৰহ আৰু উত্থান ভৱিষ্যত দেখি বুজি পোৱা হ’ল যে গ্ৰাফিক্স ডিজাইনিঙেও কাৰোবাৰ জীৱন গঢ়াৰ এক সুন্দৰ পথ হ’ব পাৰে৷ আজি তেঁওলোকৰে মাজৰ এজন অসমীয়া যুৱকৰ বিষয়ে ক’ব লৈছো৷
অসমৰ গোলাঘাট জিলাৰ ৰিতুপৰ্ণ বৰ্তমান দিল্লী নিৱাসী আৰু যোৱা ১২ বছৰে গ্ৰাফিক্স ডিজাইনিং ৰ পৃথিৱীখনৰ লগত জড়িত ৷ তেঁও বৰ্তমান ৰাষ্ট্ৰীয় ইংলিছ চেনেল CNN-News18 ৰ “Senior Graphics Designer” হিচাপে কৰ্মৰত ৷ ইয়াৰ ওপৰিও তেঁও অসমৰ বিভিন্ন গীত আৰু চিনেমাৰ কামৰ লগত জড়িত ৷

তাৰে ভিতৰত জুবিন গাৰ্গৰ “চিলা” “মা”, পাপনৰ “হাতে হাত ধৰি” , অনুৰাগ শইকীয়াৰ “বৰগীত” আদি উল্লেখযোগ্য ৷ জুবিন গাৰ্গৰ চিনেমা “কাঞ্চনজংঘা” “মিডনাইট চং” “মোৰ শেষ গান” তথা ৱেব চিৰিজ “বিদুৰভাই” ৰ পোষ্টাৰৰ ডিজাইন ৰিতুপৰ্ণই কৰা ৷ তাৰোপৰি “জুবিনৰ পদ্য” ৰ লগতে আন আন বহু কিতাপৰ বেটুপাতৰ ডিজাইনৰ কাম কৰি ৰিতুপৰ্ণই নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দি থৈছে । এনেদৰে আগুৱাই যাওক তেঁও তাৰে আশা কৰিলো । আজি ৰিতুপৰ্ণৰ কথাৰে কিছু কথা আগবঢ়ালো৷

 

  • গ্ৰাফিক্স ডিজাইন মানে কি?

গ্ৰাফিক্স ডিজাইন হৈছে আৰ্টৰ এক শাখা য’ত আখৰ আৰু চিত্ৰ ডিজাইনৰ জৰিয়তে মানুহৰ মাজলৈ এক বাৰ্তা প্ৰেৰণ কৰা যায়। চিনেমাৰ পোষ্টাৰ, কিতাপৰ কভাৰ, বেনাৰ, সামগ্ৰীৰ পেকেট, ৱেবচাইট, Logo আদিৰ ডিজাইন গ্ৰাফিক্স ডিজাইনৰ অন্তৰ্ভুক্ত।

  • শিক্ষাগত অৰ্হতা কিমান লাগে?

গ্ৰাফিক্স ডিজাইনত ডিপ্লোমা, Graduation আৰু মাষ্টাৰ্ছ কৰিব পাৰি। শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগে।

  • ক’ত ক’ত পঢ়িব পাৰি আৰু কিমান খৰচ পৰিব?

গ্ৰাফিক্স ডিজাইনৰ পাঠ্যক্ৰম চৰকাৰী আৰ্ট কলেজৰ লগতে কেইখনমান প্ৰাইভেট ইনষ্টিটিউট যেনে Arena Animation, MAAC, Picaso আদিত কৰিব পাৰি। চৰকাৰী কলেজত খৰছ কম যদিও প্ৰাইভেট ইনষ্টিটিউটত 3 বছৰীয়া এক পাঠ্যক্ৰমত প্ৰায় 3ৰ পৰা 5 লাখ টকা খৰচ হয়।

  • চাকৰি পোৱা যাবনে?

গ্ৰাফিক্স ডিজাইন বৰ্তমান সময়ত চাকৰিৰ ক্ষেত্ৰত এক বহু সম্ভাৱনা পূৰ্ণ পাঠ্যক্ৰম। ডিজাইন-গেমিং ষ্টুডিও, নিউজ চেনেল, নিউজ পেপাৰ-মেগাজিনৰ প্ৰিন্টিং প্ৰেছ, শিক্ষকতা আদিত নিয়োগ লাভ কৰিব পাৰে। ইয়াৰ উপৰিও নিজে freelance কাম কৰিও এক ভাল উপাৰ্জন কৰিব পাৰি।

  • মাহিলী কিমান টকা উপাৰ্জন কৰিব পাৰি?

গ্ৰাফিক্স ডিজাইন ক্ষেত্ৰখনত উপাৰ্জন সম্পূৰ্ণ নিজৰ কাৰ্য্য ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। আৰম্ভণিতে 20-25 হাজাৰ টকা মহিলী দৰমহাৰ পৰা আৰম্ভ কৰি 10-15 বছৰৰ কৰ্ম অভিজ্ঞতাৰ পাছত ১ লাখৰ পৰা ৩ লাখ টকা মহিলী উপাৰ্জন কৰিব পাৰে।

  • আজিকালি এই পেছাটোৰ চাহিদা কিমান?

যোৱা কেইবছৰ মানত গ্ৰাফিক্স ডিজাইন পেছাটোৰ চাহিদা বহুগুণে বৃদ্ধি পাইছে। আজিৰ ডিজিটেল যুগত গ্ৰাফিক্স ডিজাইন এক অপৰিহাৰ্য্য অংগ। ভৱিষ্যতে এই চাহিদা আৰু বৃদ্ধি পাই গৈ থাকিব।

  • যদিহে এই ক্ষেত্ৰখনত কাৰোবাৰ বিশেষ দক্ষতা আছে তেন্তে তেঁও পেছাদাৰী শিক্ষা লোৱাটো জৰুৰী নেকি?

কোনোবাই ছফটৱেৰৰ ব্যৱহাৰ জানিব পাৰি তাৰ ওপৰত বিশেষ দক্ষতাও আছে৷ ইয়াৰ জৰিয়তে তেঁও এটা পৰ্যায়লৈকে  আগবাঢ়িবও পাৰিব৷ কিন্তু প্ৰতিষ্ঠা লাভৰ বাবে তেওঁ আনুষ্ঠানিক শিক্ষা লোৱাটো নিত্তান্তই প্ৰয়োজন৷

সামৰণি:

 সমাজত প্ৰতিষ্ঠা ও সংস্থাপন লাভ কৰিবলৈ উচ্চ ডিগ্ৰীধাৰী নহ’লেও কথানাই৷ কেতিয়াবা কিছুমান ব্যতিক্ৰমী কাম তথা সেই কামটোৰ প্ৰতি আগ্ৰহে এজনক প্ৰতিষ্ঠিত কৰাত যথেষ্ট সহায়ক হৈ পৰে৷ আপোনালোকে কওকচোন কথাষাৰ হয়নে বাৰু? আপোনালোকেও বিশ্বাস কৰেনে যে হেঁপাহ থাকিলে যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰি!!

ঋতুপৰ্ণ বৰা
ঋতুপৰ্ণ বৰা
গোলাঘাট জিলাৰ ঋতুপৰ্ণ বৰা বৰ্তমান দিল্লী নিৱাসী আৰু যোৱা ১২ বছৰে গ্ৰাফিক্‌ ডিজাইনিং ৰ পৃথিৱীখনৰ লগত জড়িত ৷ তেঁও বৰ্তমান ৰাষ্ট্ৰীয় ইংলিছ চেনেল CNN-News18 ৰ “Senior Graphics Designer” হিচাপে কৰ্মৰত ৷ ইয়াৰ ওপৰিও তেঁও অসমৰ বিভিন্ন গীত আৰু চিনেমাৰ কামৰ লগত জড়িত ৷ তাৰে ভিতৰত জুবিন গাৰ্গৰ “চিলা” “মা”, পাপনৰ “হাতে হাত ধৰি” , অনুৰাগ শইকীয়াৰ “বৰগীত” আদি উল্লেখযোগ্য ৷ জুবিন গাৰ্গৰ চিনেমা “কাঞ্চনজংঘা” “মিডনাইট চং” “মোৰ শেষ গান” তথা ৱেব চিৰিজ “বিদুৰভাই” ৰ পোষ্টাৰৰ ডিজাইন ঋতুপৰ্ণই কৰা ৷ তাৰোপৰি “জুবিনৰ পদ্য” ৰ লগতে আন আন বহু কিতাপৰ বেটুপাতৰ ডিজাইনৰ কাম কৰি ঋতুপৰ্ণই নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দি থৈছে । এনেদৰে আগুৱাই যাওক তেঁও তাৰে আশা কৰিলো । ঋতুপৰ্ণৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ৷ (তলত ঋতুপৰ্নৰ ফোন নং আৰু ফেচবুক লিংকটো দি দিছো +91 97113 21857 https://www.facebook.com/rituparna.bora.1 )
RELATED ARTICLES

1 COMMENT

  1. It’s a pity you don’t have a donate button! I’d definitely
    donate to this fantastic blog! I guess for now i’ll settle for book-marking
    and adding your RSS feed to my Google account. I look forward to fresh updates and will talk about this site with my
    Facebook group. Talk soon!

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments