বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে সাধাৰণতে নিম্নতম শিক্ষাগত অৰ্হতা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে । কিন্তু কিছুমান ফাৰ্মা কোম্পানীয়ে এই চাকৰিৰ বাবে এম.বি.এ.(M.B.A.), বি.ফাৰ্ম.(B.Pharm.), বি.এচ.চি.(B.Sc.) ডিগ্রীধাৰী প্রাৰ্থী বিচাৰে । মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়। যেনে – “দি আছাম ট্রিবিউন (The Assam Tribune)”ৰ সাধাৰণতে দ্বিতীয় পৃষ্ঠাত প্রকাশ হয়। তাৰোপৰি মেডিচিনৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতা , মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ ৰেষ্ট হাউচ্ আৰু মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি কৰি থকা সকলৰ পৰা এই চাকৰি তথ্য গোটাব পাৰে । মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে প্রাৰ্থীৰ বাচনি সাক্ষাৎকাৰৰ জৰিয়তে কৰে । এই চাকৰি কৰিব বিচৰা সকলৰ কিছুমান গুণ থাকিব লাগিব । যেনে -ইংৰাজী ভাষাত সুন্দৰ যোগাযোগ দক্ষতা থকা , আকৰ্ষণীয় ব্যক্তিত্ব আদি । মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে বাচনি কৰা পিছত ফাৰ্মা কোম্পানীবোৰে প্রাৰ্থীসকলক প্ৰশিক্ষণ দি ঔষধ বিক্ৰী কৰা কৌশল আৰু ঔষধৰ বিষয়ে সকলোখিনি খৰচী মাৰি শিকায় দিয়ে । এই চাকৰিত দৰমহাৰ ওপৰিও D.A., T.A. , Extra Allowance আৰু Incentive পোৱা যায়। আমাৰ ৰাজ্যৰ নতুন প্ৰজন্মই এনে এক ভদ্ৰ আৰু ফ্ৰেচনেবল কেৰিয়াৰ কথা ভাবিব পাৰে । ইয়াৰ যোগেদি বহু ল’ৰাই বিদেশ ভ্ৰমণলৈ যাবলৈও সুবিধা লাভ কৰে । কেৱল ল’ৰায়ে নহয় আজিকালি বহু শিক্ষিত ছোৱালী এই প্ৰফেচনেৰ লগত জড়িত হৈ ভাল কাম কৰি আছে ।
মেডিকেল ৰিপ্ৰিজেণ্টটেটিভৰ চাকৰি
RELATED ARTICLES
Sir I have completed bsc in 2018.
I am interested