আপোনাৰ বা মোৰ পেটত হোৱা গেছ অৰ্থাৎ গেষ্ট্ৰাইটিছৰ এটা মূখ্য কাৰণ ধৰা পেলোৱাৰ বাবে Barry James Marshall আৰু J Robin Warren নামৰ বৈজ্ঞানিক দুজনে ২০০৫ চনত যুটীয়াভাৱে মেডিছিনৰ নৱেল পুৰস্কাৰ পাইছিল। কিন্তু এই আৱিষ্কাৰৰ আঁৰত আছে কিছু ৰসাল কাহিনী।
১৯৮০ চন মানলৈকে গোটেই বিশ্বই এই কথাষাৰ সকলোৱে মানি লৈছিল যে আমাৰ পেটৰ acidity অৰ্থাৎ গেষ্ট্ৰাইটিছৰ কাৰণ হৈছে অত্যাধিক মানসিক চাপ, ভজা-পোৰা আহাৰ,ধূম্ৰপান ইত্যাদি। সেইখিনি সময়ৰ আশে-পাশে বিশ্বৰ দুই-এজন বৈজ্ঞানিকে কিছু এনে ৰোগী বাচি উলিয়ালে যিসকলৰ গেষ্ট্ৰাইটিছৰ ঘাঁ বাঢ়ি ইতিমধ্যে আলছাৰ (ulcer)-ৰ ৰূপ ল’লে।
তেনে কিছু ৰোগীৰ পেটৰ পৰা বায়’প্সি ছেম্পল (biopsy sample) লোৱা হ’ল। উদ্দেশ্য আছিল সেই আলছাৰ অৰ্থাৎ ঘাঁ টুকুৰাৰ বিষয়ে পুঙ্খানুপুঙ্খভাৱে পৰীক্ষা কৰা। প্ৰায় ভাগ বৈজ্ঞানিকে অণুৱীক্ষণ যন্ত্ৰৰ তলত ঘাঁ টুকুৰা পৰীক্ষা কৰোতে তাত কিছুমান জীৱানুৰ দৰে আকৃতিৰ উপস্থিতি লক্ষ্য কৰিলে। সেই বেক্টেৰিয়াৰ নিচিনা জীৱ বিলাকক বায়’প্সি চেম্পল পৰা লৈ বাহিৰত কালছাৰ মেডিয়ামত থৈ বংশ বৃদ্ধি কৰিবলৈ দিয়া হ’ল। কেইদিমান পিছত দেখা গল যে কালছাৰ মেডিয়ামত সেই বেক্টেৰিয়া বোৰৰ বংশ বৃদ্ধি পাইছে। এয়া আছিল প্ৰায় ১৯৮২ চন মানৰ কথা। বেৰি জেমছ মাৰ্শ্বেল নামৰ বৈজ্ঞানিক জনেও এই বিষয়টোৰ ওপৰত বহুতো পৰীক্ষা নিৰীক্ষা কৰি আছিল। তেখেতে বিচাৰিছিল যে এই যি বেক্টেৰিয়া এই বেক্টেৰিয়াক আকৌ এবাৰ কোনো জীৱ জন্তুৰ পেটত থৈ সেই বেক্টেৰিয়া বিধে কেনেকৈ ক্ৰিয়া কৰে তাৰ পৰীক্ষা নিৰীক্ষা কৰাটো । কিন্তু জন্তুৰ ক্ষেত্ৰত সফলতা লাভ নকৰাৰ বাবে বেৰি জেমছে ১৯৮৪ চনত সিদ্ধান্ত ল’লে যে তেখেতে এই পৰীক্ষণটো নিজৰ শৰীৰতে কৰিব। সেই উদ্দেশ্যেৰে তেখেতে আন এগৰাকী ডাক্তৰৰ হতুৱাই নিজৰ এণ্ড’স্ক’পি (endoscopy) কৰালে আৰু পৰীক্ষাৰ কৰি তেওঁৰ পাকস্থলী সম্পূৰ্ণ সুস্হ বুলি জানিব পাৰিলে অৰ্থাৎ তেওঁৰ পাকস্থলীত কোনো গেষ্ট্ৰাইটিচ বা ঘাঁ নাই। তাৰ পিছত তেখেতে জীৱন্ত বেক্টেৰিয়া থকা অৰ্থাৎ কালছাৰ মিডিয়াম মিহলি হৈ থকা দ্ৰৱ্য অলপমান গিলি দিলে। তিনিদিনৰ পিছত মাৰ্চেলে অলপ বমি বমি অনুভৱ কৰা আৰম্ভ কৰিলে আঠ দিনৰ পিছত মাৰ্চেলৰ বমি আৰম্ভ হল আৰু লগতে পেটৰ বিষ হ’ল। তাৰ পিছত যেতিয়া এণ্ড’স্ক’পি কৰি বায়প্সি কৰিলে তেতিয়া মাৰ্শ্বেলৰ পাকস্থলীত গেষ্ট্ৰাইটিচ আৰম্ভ হৈ গৈছিল আৰু তেওঁ শৰীৰত সেই একেইবোৰ বেক্টেৰিয়া দেখা গৈছিল যিবোৰ বেক্টেৰিয়া তেখেতে আঠ দিনৰ আগত গিলি দিছিল। অৰ্থাৎ সেই বেক্টেৰিয়া বিধে বেৰি জেমছ মাৰ্শ্বেলৰ পেটত গৈ ক্ৰিয়া (ইনফেক্চন) কৰিছে। বৈজ্ঞানিক মাৰ্শ্বেলে তৎক্ষনাৎ এন্টিবায়’টিক খাই সেই বেক্টেৰিয়া বিধক নিজৰ শৰীৰৰ পৰা ধ্বংশ কৰি নিজে সুস্থ হৈ উঠিল। ১৯৪৯ চনত এই বেক্টেৰিয়া বিধৰ নামাকৰণ কৰা হয় H Pylori (এইচ্ছ পাইল’ৰি) নামেৰে। (বহুতে H Pylori নামটো শুনি AIDS বেমাৰটোৰ লগত জড়িত কিবা বেমাৰ বুলি ভাৱে, তেখেতলোকক মই জনাব বিচাৰিছো যে নামটোৰ প্ৰথম শব্দটো আচলতে ইংৰাজী বৰ্ণ H-ৰে আৰম্ভ হয়, সম্পূৰ্ণ নামটো হৈছে Helicobacter Pylori, আৰু এইবিধ এবিধ বেক্টেৰিয়াহে মাত্ৰ)। এই আবিস্কাৰ মানৱজাতিৰ বাবে বহুত গুৰুত্বপূৰ্ণ আবিস্কাৰ আছিল। কাৰণ ইতিমধ্যে গোটেই পৃথিৱীয়ে মানি লৈছিল যে মানুহৰ শৰীৰত গেষ্ট্ৰাইটিচ অথবা এচিডিটিৰ কাৰণ হৈছে – অত্যাধিক মানসিক চাপ, ধূম্ৰপান, ভজা-পোৰা, মচলা ইত্যাদি। কিন্তু বেক্টেৰিয়াৰ ইনফেক্চনো যে এটা প্ৰধান কাৰণ হব পাৰে সেই সৰ্ম্পকে একেবাৰে অৱগত নাছিল। এই বিষয়টোৰ বিষয়ে চৰ্চা কৰোতে বহুতো লোকে বেৰি জেমছ মাৰ্শ্বেলক ঠাট্টা মস্কৰা কৰিছিল। সেই ঠাট্টা মস্কৰাৰ উচিত উত্তৰ দিবৰ বাবে আৰু সমগ্ৰ মানৱজাতিৰ কল্যাণৰ বাবে তেওঁ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মাৰাত্মক বেক্টেৰিয়া বিধক নিজ ইচ্ছাৰে নিজৰ শৰীৰত থিতাপি দি তাৰ পৰীক্ষা কৰিছিল আৰু সফলতা লাভ কৰিছিল । এই মহান আবিস্কাৰৰ বাবে বেৰি জেমছ মাৰ্শ্বেল আৰু তেওঁৰ সহযোগী জে. ৰবিন ৱাৰেনক ২০০৫ চনত মেডিচিনৰ নৱেল পুৰস্কাৰেৰে বিভূষিত কৰা হ’ল।
H Pylori হয় কি?
এইবিধ এবিধ বেক্টেৰীয়া। এই বেক্টেৰিয়াবিধে পাকস্থলী তথা ক্ষুদ্ৰান্তৰ প্ৰথম ভাগ (Duodenum)-ৰ ভিতৰৰ তৰপটোত আক্ৰমন কৰে আৰু তৰপটো দূৰ্ৱল কৰে। ভিতৰৰ এই তৰপটো ইমান শক্তিশালী যে ই আমাৰ পাকস্থলীত খাদ্য হজম কৰিবলৈ নিঃসৰণ হোৱা এছিডৰ পৰা পাকস্থলীটোক ৰক্ষা কৰে।
সঁচা কথা কবলৈ গ’লে আমাৰ দেশ ভাৰতবৰ্ষত এই H Pylori নামৰ বেক্টেৰিয়া বিধৰ পয়োভৰ যথেষ্ঠ বেছি অৰ্থাৎ আমি যদি প্ৰতি জন মানুহৰ পাকস্থলীৰ Biopsy লওঁ তেতিয়া হ’লে প্ৰায় ৭০-৮০ শতাংশ মানুহৰ পেটত H Pylori পোৱা যাব। কিন্তু এটা ভাল কথা যে H Pylori থকা মানে মানুহৰ বেমাৰে দেখা নিদিবও পাৰে। কিন্তু কিছুমান মানুহৰ পাকস্থলীত এই বেক্টেৰিয়া বিলাকে যেতিয়াই পাকস্থলীৰ ভিতৰৰ mucous নামৰ তৰপটোত আক্ৰমণ কৰে আৰু তাৰ পাছত Gastritis কৰি peptic ulcer সৃষ্টি কৰে। অৱশ্যে তাৰ ভিতৰত বহুত কম পৰিমাণ মানুহৰ ভাৱিষ্যতে পাকস্থলীত কেঞ্চাৰ ৰোগ হোৱা দেখা যায়।
H Pylori বেক্টেৰিয়া আপোনাৰ শৰীৰলৈ সংক্ৰমণ কেনেকৈ ঘটিব?
এইবিধ বেক্টেৰিয়া সাধৰণতে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সোঁচৰে আৰু কাৰণ সমূহ তলত দিয়া ধৰণে হ’ব পাৰে।
১) লেতেৰা বাচন-বৰ্তনৰ পৰা
২) প্ৰদূষিত খাদ্য বা প্ৰদূষিত পানীৰ পৰা
৩) য’তে ততে বমি আৰু শৌচ কৰি পৰিবেশ প্ৰদূষিত কৰিলে
৪) এজনে আনজনক মুখে মুখে চুমা খালে
H Pylori বেক্টেৰিয়াই যেতিয়া আমাৰ পাকস্থলীৰ ভিতৰৰ তৰপটোত দুৰ্বল কৰি দিয়ে তেতিয়াই পাকস্থলীত নিঃসৰণ হোৱা এচিডে খুব সহজে সেই ঠাই খিনিত ulcer কৰিব সুবিধা পায়।
কেনে পৰিস্থিতিত H Pylori বেছিকৈ হোৱা দেখা যায়?
১) পৰিষ্কাৰ পানীৰ অভাৱৰ ফলত
২) বহুত মানুহ একেলগে য’ত বসবাস কৰে
৩) এখন ঘৰৰ যদি কোনোৱা মানুহৰ H Pylori Infection হয় সেইজন মানুহৰ পৰা বেলেগলৈ সোঁচৰাৰ সম্ভাৱনা থাকে
৪) উন্নতিশীল দেশ বিলাকৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়
৫) য’ত নলা নৰ্দমা বোৰ ভালকৈ চাফ-চিকুণ কৰা নহয়
H Pylori হ’লে লক্ষণ সমূহ কি কি হয়?
আগতে কোৱা হৈছে যে H Pylori থকা মানেই কোনো লক্ষণ দেখা নিদিবও পাৰে। কিন্তু যিসকলৰ H Pylori লক্ষণ সমূহ দেখা দিয়ে সেই সকলৰ Gestritis বা Ulcer হ’লে যিবোৰ লক্ষণ হয় সেইবোৰ লক্ষণে হয়।
সেইবোৰ হৈছে-
- ওপৰৰ পেটৰ বিষ
- বমি বমি ভাৱ অথবা বমি হোৱা
- ভোক নলগা পেটতো ফুলি থকা যেন লগা
- বাৰে বাৰে উগাৰ অহা
- ওজন কমা
- Ulcer বেছি হৈ গ’লে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত মুখেৰে তেজ বমি বা ক’লা ৰঙৰ পাইখানা হ’ব পাৰে যাক আমি মেলিনা (Malena) বুলি জানো।
H Pylori Treatment আছে নে?
এটাই অনুৰোধ যে ওপৰত উল্লেখ কৰা লক্ষণ বোৰ পঢ়ি যাতে আপোনালোকে ভয় নাখায়। বৰঞ্চ বেছিদিন এনেধৰণ কিবা লক্ষণ দেখা দিলে ভয় খাই থকাতকৈ আপোনালোকে ওচৰৰ ডক্তৰক দেখাই চিন্তামুক্ত হৈ লোৱা উচিত। H Pylori থকা বুলি যদি প্ৰমাণিত হয় তেতিয়া হ’লে ইয়াৰ চিকিৎসা আছে আৰু চিকিৎসা কৰিলে সকলো মানুহে আৰোগ্য লাভ কৰিব। চিন্তাৰ কোনো কাৰণ নাই।
H Pylori ক আঁতৰাই ৰখাটো সম্ভৱ নে?
নিশ্চয় সম্ভৱ, মাত্ৰ তলৰ কথা খিনি আপোলোকে গুৰুত্ব সহকাৰে পালন কৰিলে হয় গ’ল।
১) শৌচ-প্ৰস্ৰাৱ কৰাৰ পিছত ভালকৈ হাত ধোৱা তথা খোৱাৰ আগত আৰু খোৱাৰ পাছত নিজেও হাত ধোৱক আৰু সকলোকে শিকাওঁক
২) য’তে-ত’তে খাদ্য আৰু পানী গ্ৰহণ নকৰিব। পৰিষ্কাৰ আৰু পৰিচ্ছন্ন পানী আৰু খাদ্যহে খোৱা কৰিব।
৩) যিমান পাৰে ৰন্ধা খাদ্য বস্তুহে খোৱা কৰিব। কেচা খাদ্য বস্তু গ্ৰহণ নকৰা ভাল। আৰু অপৰিপাটীকৈ যদি কোনোবাই খাদ্য ৰান্ধিছে যদি গম পাইছে সেই খাদ্য গ্ৰহণ নকৰা ভাল।
(এইখিনি কথা সকলোৰে স্বাস্থ্য সচেতনৰ বাবে আলোচনা কৰা হ’ল উদ্দেশ্য হৈছে যাতে সকলোৱে সচেতন হয়। কিন্তু আকৌ এবাৰ অনুৰোধ কৰিছো কোনো যাতে ভয় নাখায় এই ক্ষেত্ৰত এইবিধ সাধাৰণ বেক্টেৰিয়া হে আৰু বেক্টেৰিয়া থকা বুলি গম পালেও চিকিৎসা আছে আপোলোকে ডক্তৰৰ ওচৰত গৈ পৰামৰ্শ লওঁক।)
বহুত দৰকাৰী তথ্য পালো । ধন্যবাদ ।
খুব সুন্দৰ আৰু সময়োপযোগী লিখনি আশা কৰো এই লিখনিৰ দ্বাৰা সকলো মানুহ সচেতন আৰু উপকৃত হ’ব। সময় সুবিধা অনুযায়ী এনেকৈ পোষ্ট লিখি থাকিব বুলি আশা কৰিলোঁ