Homeঅতিথি লেখকৰ শিতানহোমিওপেথিক চিকিৎসা

হোমিওপেথিক চিকিৎসা

১৭৫৫ খৃষ্টাব্দৰ ১০ এপ্ৰিল তাৰিখে জন্ম গ্ৰহণ কৰা জাৰ্মান ৰ মহামানৱ মহাত্মা চেমুৱেল হ্যানিমেনেই হৈছে হোমিওপেথিক চিকিৎসাৰ জনক । ১৭৯৬ চনত
এলোপেথিক চিকিৎসাৰ পৰা পৃথক চিকিৎসা পদ্ধতি- “HOMEOPATHIC ” নামে এক এক সুকীয়া চিকিৎসা পদ্ধতি সৃষ্টি কৰি বিশ্ৱবাসীৰ ওচৰত পৰিচয় কৰাই দি মানৱজাতিৰ কল্যাণ সাধন কৰা মহাত্মা চেমুৱেল হ্যানিমেনক এই চেগতে একাজলী শ্ৰদ্ধাঞ্জলি যাচিঁলো ।

বৰ্তমান আমাৰ সমাজত হোমিওপেথিক চিকিৎসা বহুলভাৱে সমাদৃত হ’বলৈ আৰম্ভ কৰিছে যদিও হোমিওপেথিক চিকিৎসাৰ বিষয়ে শুদ্ধ ধাৰণা ৰ অভাৱত এতিয়াও এই চিকিৎসাৰ আশা কৰা ধৰণে প্ৰচাৰ লাভ কৰিব পৰা নাই।

মই এগৰাকী হোমিওপেথিক চিকিৎসক হিচাপে মোৰ ২২,২৩ বছৰীয়া চিকিৎসা জীৱনত পোৱা অভিজ্ঞতা সমূহ মাজে সময়ে আপোনালোকৰ ওচৰলৈ লৈ আনিবলৈ প্ৰয়াস কৰিম । মই সঘনাই সন্মুখীন হোৱা এটি প্ৰশ্ন “হোমিওপেথিক এটি অতি ভাল পাৰ্চক্ৰীয়া হীন পদ্ধতি, কেৱল ই বহুত দীঘলীয়া পদ্ধতি। ”
এইটো একেবাৰে ভুল ধাৰণা। প্ৰকৃততে যিবোৰ ক্ৰণিক মানে পূৰাতন ৰোগ সেই বোৰৰ বাবে ৰোগৰ প্ৰাৱল্য ৰ ওপৰত ভিত্তি কৰি এটি দিঘলীয়া সময়ৰ প্ৰয়োজন হয়। কিন্তু তাৎক্ষণিক বা Acute ৰোগৰ বাবে একেবাৰে কম সময়ৰ প্ৰয়োজন হয়। যেনেদৰে তেজ হাগনি, ডায়েৰীয়া, ভাইৰেল সংক্ৰমণৰ পৰা হোৱা ৰোগ জ্বৰ,চৰ্দিকাহ, টনচিলাইটিচ, ফেৰেণজাইটিচ, , চকু উঠা, চৰ্মৰোগ হাৰ্পিচ, বসন্ত, সৰু আই,দাতৰ বিষ, কাণৰ ৰোগ, বিষ ফোঁহা, প্ৰসাবৰ সমস্যা (UTI infection ) , পেটৰ ৰোগ আদি বিভিন্ন ধৰণৰ ৰোগত খুব কম সময়ৰ ভিতৰতে সুফল পোৱা যায়। আনহাতে দীৰ্ঘ দিন ধৰি ভুগি থকা ৰোগ যেনে
ফিষ্টুলা ,ফিচাৰ, ইন্টাৰনেল আৰু এক্সটাৰনেল হেমোৰাইদ, বাটবিষ ,ফ্ৰজেন চোলদাৰ,আঠুৰবিষ, হাঁপানি, মাইগ্ৰেণ, ইউৰিক এচিদ, নখৰ ৰোগ, চোৰাইচিচ, আদি ৰোগৰ প্ৰাৱল্য ৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ সুস্থ হ’বলৈ সময় লাগে।

আশাকৰোঁ আপোনালোকে হোমিওপেথিক চিকিৎসা সম্পৰ্কে ইমান দিনে পুহি থকা ভ্ৰান্ত ধাৰণাটোৰ শুধৰণি হৈছে।

ডাঃ জুনুমনি বৰ্মন ভৰালী
হোমিওঘৰ
গোপাল থান
গোটানগৰ গুৱাহাটী
৮৮১২০৬৩৬০৬

RELATED ARTICLES

1 COMMENT

  1. সঁচাকৈ আপোনাৰ পৰা বহু নজনা কথা শিকিলোঁ ধন্যবাদ বাইদেউ আপোনাক। লগতে দেৱত্তম ছাৰ ক ও ধন্যবাদ 🥰

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments