ক’ৰ্ট মেৰেজ মানে কি ?
সামাজিক বিয়াৰ বাহিৰেও আমি আমাৰ বিয়াখন আইনগতভাৱে বৈধতা পাবলৈ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে বিয়াখন ৰেজিষ্ট্ৰেচন কৰাটো প্ৰয়োজন৷ আজিকালি বিয়া ৰেজিষ্ট্ৰেচন কৰাটো বাঞ্ছনীয় কৰা হৈছে৷ এই ৰেজিষ্ট্ৰেচন আপোনালোকে সামাজিক বিয়াৰ আগত বা পাছতো কৰিব পাৰে৷ মাথো মনত ৰাখিব যে ল’ৰা-ছোৱালীৰ বিয়াৰ বাবে উপযুক্ত বয়স হোৱাটো নিত্তান্তই প্ৰয়োজন৷
আপুনি ক’ৰ্ট মেৰেজ কেনেকৈ কৰিব ?
ক’ৰ্ট মেৰেজ কৰিব লাগিলে আপুনি আপোনাৰ স্হানীয় অধিবক্তা এজনৰ সহায় লৈ সেই ঠাইখনৰ “SUB-REGISTRAR” কাৰ্য্যালয়লৈ গৈ প্ৰথমতে বিয়াৰ আবেদনৰ বাবে ফৰ্ম ল’ব লাগিব৷ সেইখন ভালদৰে পূৰণ কৰি ফৰ্মখনত উল্লেখ কৰা সকলো নথিপত্ৰ সংলগ্ন কৰি সেই অফিচত জমা দিব লাগিব৷ আজি এইবোৰ কাম অনলাইনো কৰিব পাৰি৷ এই ফৰ্মখন জমা দিয়াৰ এমাহ পাছতে আপোনালোৰে সুবিধা অনুসৰি এটি দিন বাছি লৈ বিয়াখন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ ইয়াতে এটা কথা মনত ৰাখিব যে ফৰ্ম জমা দিয়াৰ দিনৰ পৰা ৯০ দিনৰ ভিতৰত আপুনি বিয়াখন ৰেজিষ্ট্ৰেচন কৰিব লাগিব অন্যথা আপুনি আকৌ নতুনকৈ আবেদন কৰিব লাগিব৷ ৰেজিষ্ট্ৰেচন হোৱাৰ দিনাখনে বা ঠাইভেদে চাৰি পাঁচ দিনৰ পাছত আপুনি মেৰেজ চাৰ্টিফিকেট খন সংগ্ৰহ কৰিব পাৰিব৷
কোনখন Act ৰ অধীনত ক’ৰ্ট মেৰেজ কৰি লাগে ?
সাধাৰণতে সকলোৱে ভাৱে যে ন’টাৰি ৰেজিষ্ট্ৰেনেই হৈছে ক’ৰ্ট মেৰেজ৷ আচলতে এইটো ভুল ধাৰণা৷ ন’টাৰি অফিচাৰৰ তাতে কৰাটো হৈছে এখন Agreement ৷ এইখন ক’ৰ্ট মেৰেজ নহয়৷ কাৰণ আমাৰ ভাৰতত ন’টাৰি অফিচাৰক ক’ৰ্ট মেৰেজ কৰাৰ বাবে Authority দিয়া হোৱা নাই৷ লগতে ন’টাৰি ৰেজিষ্ট্ৰেচন কৰা সকলে কোনো ক’ৰ্ট মেৰেজ কৰাৰ বাবে দিয়া কোনো ধৰণৰ চৰকাৰী আঁচনিৰ বাবে বা তাৰ দ্বাৰা পাব লগীয়া সুবিধাবোৰৰ বাবে আবেদন কৰিব নোৱাৰিব ( আঁচনিবোৰৰ নিয়মাৱলীত এই কথাটো স্পষ্টভাৱে উল্লেখ কৰা আছে)৷ সেয়েহে আপুনি ক’ৰ্ট মেৰেজ কৰিব লাগিব “Special Marriage Act,1954” ৰ অধীনত৷
ক’ৰ্ট মেৰেজ কৰাটো কিয় প্ৰয়োজনীয় বা ক’ৰ্ট মেৰেজ কৰিলে কি কি লাভালাভ পোৱা যায় ?
জীৱনৰ সকলোতকৈ ডাঙৰ সিদ্ধান্তটোত যদি আইনে বৈধতা দিয়ে তাতকৈ ভাল কথা চাগে একো হ’ব নোৱাৰে৷ লগতে ভৱিষ্যতে যদি দুইজনৰ মাজত কোনো ধৰণৰ মনোমালিন্য ঘটে যাৰ বাবে আদালতৰ ওচৰ চাপিবলগীয়া হয় তেন্তে এই চাৰ্টিফিকেট খনে বহুখিনি সহায় কৰে৷ ইয়াৰোপৰি আজিকালি চৰকাৰে কৰ্ট মেৰেজ কৰিলে বিভিন্ন ধৰণৰ আঁচনি যুগুত কৰি উলিয়াইছে৷ যাৰ পৰা আপোনালোকে এটি ভাল ধনৰাশি পাব পাৰে আৰু যাৰ হয়তো আপোনালোকে নিজৰ কিছু সংস্হাপনো কৰি ল’ব পাৰে৷ এই আঁচনিবোৰৰ মূখ্য উদ্দেশ্য হ’ল সমাজৰ উচ্চ-নিম্ন জাতিৰ মাজৰ প্ৰভেদ নোহোৱা কৰা লগতে ল’ৰা-ছোৱালী দুইজনক স্বাৱলম্বী হোৱাৰ বাবে সুবিধা প্ৰদান কৰা