কলকাতা মহানগৰীৰ অলপ নিলগত ঠাইখন। প্ৰাচীন ইতিহাসৰ এক অন্যতম সাক্ষী হৈ কোনো ধৰণৰ নতুনত্বৰ সাঁচ নপৰা এখন তেনেই সৰু ঠাই। সৰু সৰু গ’লি, গ’লিৰ ভিতৰত সৰু সৰু মন্দিৰ, তেনেই ওচৰতে থকা পুৰণি ঘৰবোৰ , দোকানবোৰ’ এই সকলোবোৰেই যেন ঠাইখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। তেনে এটি গ’লিৰ শেষত এখন সুন্দৰ ফুলনি বাগিছাৰে পৰিবেষ্টিত এটা বহল চৌহদৰ পুৰণি দুমহলীয়া ঘৰটোৰ গেটৰ বাহিৰতে থকা নাম ফলক খনত লিখা আছে ‘গীতাঞ্জলি আশ্ৰম’। হয়, ঘৰটোৰ চৌহদটোত চকু ফুৰালেই অনুভৱ হয় এই নামৰ অৰ্থ।
অনবৰতে সংগীতৰ মূৰ্ছনাৰে জীপাল কৰি ৰখা এই ঘৰটো হৈছে কলকাতা বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু পণ্ডিত দেবর্ষি চক্ৰৱৰ্তীৰ। ভাৰতীয় ধ্ৰুপদী সংগীতৰ অগাধ পণ্ডিত গৰাকীৰ ওচৰত সংগীতৰ তালিম ল’বলৈ বিশ্ববিদ্যালয়ৰ লগতে বহু দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আহে। থুমৰী, গজল, ভজন আৰু ৰাগ ৰাগিনীৰ সাধনাৰে মহিমামণ্ডিত তেখেত এটি বিশাল ব্যক্তিত্বৰ অধিকাৰী।
আজি দূৰ্গা পূজাৰ সপ্তমীৰ দিনা গুৰুজীৰ আশ্ৰমত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কলকাতাৰ অন্যান্য সংগীত শিল্পী সকলেও সংগীত পৰিবেশন কৰিবলৈ আহিছে। লগতে কেইবাজনো বিশিষ্ট কবিৰ কবিতানুষ্ঠানৰো আয়োজন কৰা হৈছে।
ইপিনে দূৰ্গা পূজাৰ মংগলিক ধ্বনি তথা মহামন্ত্ৰেৰে কলকাতা মহানগৰীত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। ভাৰতৰ সাহিত্য সংস্কৃতিৰ এক অন্যতম প্ৰাণ কেন্দ্ৰ স্বৰূপ কলকাতা মহানগৰীৰ দূৰ্গা পূজাৰ এক নিজস্ব গাম্ভীৰ্যপূৰ্ণ বৈশিষ্ট আছে।
আৰু এইয়া গুৰুজীৰ গীতাঞ্জলি আশ্ৰমত শৰতৰ শুভ্ৰ জোনাকত শেৱালি ফুলৰ মন মতলীয়া সুবাসেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিলে গুৰুজীৰ ছাত্ৰ অম্লানে। অম্লানে গুৰুক প্ৰণাম কৰি আৰম্ভ কৰিলে—
“আমি সুৰে সুৰে অ’গ’ তোমায় চুইয়ে যায়…….”
ইয়াৰ পাছতেই সুলেখিকা অনুৰাধা চক্ৰৱৰ্তীয়ে কবিগুৰুৰ মহান সৃষ্টিৰাজি ‘গীতাঞ্জলি’ৰ পৰা ‘Song unsung’ নামৰ কবিতাটি পাঠ কৰিলে—–
“The song I came to sing remains unsung to this day
I have spent my days in stringing and in unstringing my instrument……..”
অত্যন্ত হৃদয়স্পর্শী কবিতাটিৰ প্ৰাঞ্জল ভাষাই গুণমুগ্ধ ৰাইজক মোহাচ্ছন্ন কৰি ৰাখিলে। অৱশেষত সকলোৰে উত্কন্ঠাৰ সামৰণি পেলাই গুৰুজীৰ সংগীতানুষ্ঠান আৰম্ভ হ’ল। ‘মালকৌশ’ ৰাগৰ বড়া খেয়ালেৰে আৰম্ভণি হোৱা গুৰুজীৰ যাদুকৰী কন্ঠই দর্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে বহু সময় জুৰি।
এইদৰে শৰতৰ শান্ত সমাহিত স্নিগ্ধ পৰিবেশৰ মাজত আয়োজন কৰা গীত মাতৰ মাদকতাপূৰ্ণ অনুষ্ঠানে পুৰণি ঠাইখনক আৰু জীপাল কৰি তুলিলে। আকাশৰ জোনটোৱেও যেন তাৰে সাক্ষী হৈ আৰু এমুঠিমান জোনাক আৰু শীতল বতাহ এছাটি কেওফালে সিঁচি দি পৰিবেশটো বাঙ্ময় কৰি তুলিলে।
ফোন ৯৮৫৪৮৫৫৬৪