বাটচ’ৰা

দেৱোত্তম অসম কোন? কেনেকৈ জন্ম হ’ল দেৱোত্তম অসমৰ!!

প্রস্তাবনা:


হুতে মোৰ নাম দিপম বুলি জানে। কিন্তু যিসকলে মোক আগৰে পৰা নাজানে তেওঁলোকে মোক দেৱোত্তমদা বুলিহে জানে বা মাতে। দুইটা নামেৰে মাতিলে মই বিৰাটেই সুখী হও। খুব ভাল লাগে। কিন্তু বহুতে জানিব বিচাৰে বা কেতিয়াবা শুধিও দিয়ে যে এই দেৱোত্তম অসম নামটোৰ উৎপত্তি কেনেকৈ হ’ল? কিয় হ’ল এই নামটোৰ জন্ম? আজি মই এই সকলো প্ৰশ্নৰে উত্তৰত কিছু কথা লিখিম। লগতে ক’ব খোজো যে বহুতে হয়তো ভিডিও চোৱাতকৈ লিখনিৰ প্ৰতি বেছি আগ্ৰহী সেয়েহে মোৰ এই Website ৰ যোগেদি এটি সামান্য প্ৰয়াস কৰিছো আপোনালোকৰ মাজলৈ বিভিন্ন সোৱাদৰ কিছু লিখনি আগবঢ়াবলৈ। আশাকৰো সকলোৱে আদৰি ল’ব৷

এজন “Indian Army”বিষয়াৰ পৰা এজন সৰ্বসাধাৰণ ব্যক্তিলৈ যাত্ৰা:


ভাৰতীয় সৈন্য বাহিনীত চিকিৎসক হিচাপে পাঁচটা বছৰে জম্মু-কাশ্মীৰৰ পাহাৰে ভৈয়ামে ঘুৰি ফুৰি পাছৰফালে মধ্যপ্ৰদেশ, ৰাজস্থানৰ জেইচলমেৰ-উদয়পুৰ আদিত চাকৰি কৰি কৰি, অৱশেষত মেজৰ (Major) পদৱীত সেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি এক নতুন যাত্ৰাৰ নতুন সপোনৰ পম খেদি যেতিয়া দিল্লীলৈ আহিছিলো তেতিয়া মোৰ ওচৰত বিভিন্ন সুবিধাবোৰে দৰ্জাত টোকৰ মাৰিছিল৷ দিল্লীলৈ আহি মই উচ্চ শিক্ষাৰ বাবে বিভিন্ন সুবিধাও নোপোৱা নহয়৷ ইয়াৰে লগে লগে ঘৰখনৰ সমস্ত দায়িত্ব মুৰত আছিল বাবে দিল্লীৰ কেইবাখনো ডাঙৰ ডাঙৰ হস্পিতালত কাম কৰাৰো সুযোগ পালো। কিন্তু অসমৰ মৰমে যেন মোক অহৰহ হাত বাউল দি মাতি আছিল।

দিল্লীৰ পৰা  হাতীখুলীলৈ এক নতুন যাত্ৰা:


এনেদৰে দিল্লীৰ বিভিন্ন ঠাইত কাম কৰি থকাৰ সময়তে এটা ধুনীয়া সুযোগ আহিল অসমত আহি কাম কৰাৰ। মই কাজিৰঙাৰ  হাতীখুলী চাহ বাগানত চিকিৎসা বিষয়া ৰূপে নিযুক্তি লাভ কৰিলো৷ যিহেতু বাগানৰ সেউজীয়াৰ মাজত কাম কৰাৰ মাদকতা আৰু সুবিধাৰ পৰা বঞ্চিত হ’ব খোজা নাছিলো, সেয়েহে গুছি আহিছিলো কাজিৰঙালৈ বুলি৷ ৩২ খন বিচনাযুক্ত হাতীখুলী চিকিৎসালয়ত নিয়োজিত হৈ কিমান ভাল লাগিছিল বুজাব নোৱাৰিম৷ যেতিয়া ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিলো তেতিয়াৰে পৰা চাহপাতৰ সেউজীয়া সৌন্দৰ্য্যই মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল, আৰু সেই সৌন্দৰ্য্যৰ মাজতে যে কেতিয়াবা মানৱসেৱা কৰাৰ সুবিধা পাম কেতিয়াও ভৱাই নাছিলো। কাজিৰঙাৰ হাতীখুলীলৈ আহিয়েই মই নিজৰ কৰ্মৰ লগতে আৰম্ভ কৰিলো বাগানৰ কণ-কণ শিশুসকলক পঢ়ুৱাবলৈ৷ চিকিৎসালয়ৰ কৰ্তব্য শেষ কৰি প্ৰায় ৩০/৪০ জনমান কণমাণিক বিভিন্ন বিষয়বোৰ পঢ়াবলৈ ল’লো৷ সিহঁতৰ সুবিধাৰ্থে মোৰ ঘৰৰ এটা ৰুমত সৰুকৈ পুথিভঁৰাল এটাও খুলি দিলো৷ খুব ভাল পালে ল’ৰা-ছোৱালীবোৰে৷ সিহঁতক লৈ সৰু-সৰু ভিডিও বনাব ল’লো৷

চুটি চুটি ভিডিও:


এই সময়খিনিতে মই পোনপ্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলো মোৰ YouTube চেনেলটোৰ৷ বাগানৰ সৰু-বৰ ল’ৰা ছোৱালীসকলৰ সহযোগত গঢ়ি তুলিছিলো মোৰ এই নতুন চেনেলটো য’ত বনাই গ’লো স্বাস্থ্য-সচেতনতা সম্পৰ্কীয় বিভিন্ন ধৰণৰ ভিডিও৷ নাটকীয় ৰূপ দি বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰ সকলোৰে আগত ডাঙি ধৰাৰ প্ৰয়াস কৰিলো৷ কণ-কণ শিশু সকলৰে মাজৰ কোনো-কোনোৱে কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে চুটি চুটি ভিডিওবোৰত অভিনয়ো কৰিলে৷ এটাই আশা আছিল যাতে সমাজ খনৰ বাবে অসমবাসী ৰাইজৰ বাবে এনেকুৱা এটি মাধ্যম প্ৰস্তুত কৰো যাৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হৈ উঠিব পাৰে৷ TB, SNAKEBITE, আদি সম্পৰ্কীয় ভিডিওবোৰ লাখ লাখ মানুহে চালে৷ বিৰাটেই ভালো পালে৷ এই ভিডিওবোৰে লাহে লাহে ৰাইজৰ দ্বাৰা সমাদৃত হ’ব ধৰিলে৷ এনেদৰেই এটাৰ পাছত এটাকৈ ভিডিও বনাই থাকিলো৷

দিল্লীলৈ ওভতনি যাত্ৰা:


প্ৰায় দুটা বছৰ কাজিৰঙাৰ কহৰাৰ ওচৰৰ হাতীখুলী চাহ-বাগানত চিকিৎসক ৰূপে সেৱা কৰি থকা সময়তে উচ্চশিক্ষাৰ বাবে হঠাৎ দিল্লীলৈ অহাৰ সিদ্ধান্ত ল’লো৷ মোৰ দেউতাৰ ইচ্ছাক সৰোগত কৰি দুখেৰে হ’লেও বাগানৰ চাকৰি এৰাবলগীয়া হ’ল৷ দিল্লীলৈ আহিয়েই মোৰ শিক্ষাগুৰু Dr. Tamorish Kole চাৰৰ তত্ত্বাৱধানত মই মোৰ জীৱনৰ আন এক অধ্যায়ৰ পাতনি মেলো। এই উদ্দেশ্যেৰে গুৰগাঁৱৰ মানেচৰস্থিত “MEDEOR HOSPITAL” ত “EMERGENCY MEDICINE” ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে অধ্যয়ন আৰম্ভ কৰোঁ৷ এই সময়ছোৱাতো মই মাজে সময়ে সুবিধা মিলাই বিভিন্ন ভিডিও বনাই থাকিলো৷

হঠাতে আহিল “COVID”:


২০২০ চনৰ প্ৰথমভাগৰ পৰা আৰম্ভ হ’ল COVID ৰ প্ৰলয়৷ সেইখিনি সময়ত চিকিৎসক সকল “FRONTIER WARRIOR”ৰ ৰূপত থিয় দি নিজৰ প্ৰাণৰ কথাও অলপো চিন্তা নকৰি অহৰ্নিশে যুঁজিলে৷ মইও সেই যুদ্ধখনৰে এজন যোদ্ধাৰূপে থিয় দিবলৈ পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছিলো৷ সেই সময়ত সমগ্ৰ মানৱজাতিৰ মাজত যি ত্ৰাসৰ সৃষ্টি হৈছিল তাক অলপ হ’লেও নাশ কৰাত আগভাগ লোৱাৰ চেষ্টা কৰিলো৷ সেই সময়ত মোৰ মা দেউতাক ফোন কৰি বা ভিডিও ক’ল কৰি বিভিন্ন দিহা পৰামৰ্শ দি আছিলো৷ কেনেদৰে চলিব লাগিব, সাৱধানে থাকিব লাগিব সকলো কথাই কৈ গৈছিলো৷ তেতিয়া মায়ে সেই কথাখিনিকে ওচৰ চুবুৰীয়াৰ লগতো বিনিময় কৰিছিল আৰু তেখেতলোকে বহুখিনি ভয়ৰ পৰা সকাহ পাইছিল৷ মাৰ পৰা এইবোৰ কথা শুনি মনতে ভাৱ হ’ল যে এইবোৰ কথাকে যদি মই ৰাইজৰ আগতো উপস্থাপন কৰো তেন্তে তেঁওলোকেও বহুখিনি ভয়-শংকাৰ পৰা দূৰত থাকিব পাৰিব৷ কিছু সাৱধানে থাকিব পাৰিব৷ আৰু এদিন এনেদৰেই আৰম্ভণি হ’ল “দেৱোত্তম অসম”ৰ৷ প্ৰথম ভিডিওটোৱে ৰাতাৰাতি লাখ লাখ মানুহে চালে৷ চেয়াৰো কৰিলে৷ সকলোৱে আদৰি ল’লে৷ মানুহৰ মৰম আৰু উৎসাহ দেখি মই থমকি আৰু ৰোৱাৰ প্ৰশ্নই নুঠে৷ বনাই গ’লো এটাৰ পাছত এটা ভিডিও৷ আৰু তেতিয়াৰ পৰা আজিকোপতি অহৰহ চলি আছে এই যাত্ৰা আৰু সুদূৰ ভৱিষ্যতলৈও চলি থাকিব বুলি মোৰ দৃঢ় বিশ্বাস৷

সামৰণি:


শেষত আপোনালোকৰ পৰা এটা কথাই জানিব বিচাৰিছো যে “দেৱোত্তম অসম” ৰ ভিডিওবোৰৰ পৰা আপোনালোকে কিমানখিনি আৰু কেনেদৰে লাভান্বিত হৈছে? জনালে সুখী হ’ম৷ আন্তৰিক ধন্যবাদ৷