Home স্বাস্থ্য High Pressure (উচ্চ ৰক্তচাপ) থকা লোকে এই ৫ বিধ বস্তু এৰাই চলা উচিত

High Pressure (উচ্চ ৰক্তচাপ) থকা লোকে এই ৫ বিধ বস্তু এৰাই চলা উচিত

11
High Pressure (উচ্চ ৰক্তচাপ) থকা লোকে এই ৫ বিধ বস্তু এৰাই চলা উচিত

[vc_row][vc_column width=”1/6″][vc_single_image image=”480″][/vc_column][vc_column width=”1/6″][vc_single_image image=”478″][/vc_column][vc_column width=”1/6″][vc_single_image image=”479″][/vc_column][vc_column width=”1/6″][vc_single_image image=”477″][/vc_column][vc_column width=”1/6″][vc_single_image image=”476″][/vc_column][/vc_row][vc_row][vc_column][vc_column_text]

আজিকালি সকলোৰে ঘৰে ঘৰে এজন হ’লেও সদস্যই উচ্চ ৰক্তচাপ বা High Pressure ত ভুগাটো এটা যেন সাধাৰণ কথা হৈ পৰিছে৷ আমি এটা সুস্থ জীৱন যাপন কৰিবলৈ Pressure টোক বজায় ৰাখিব লাগিব৷ সেয়েহে মই এনে কিছুমান বস্তুৰ কথা ক’ব লৈছো যিবোৰ বস্তু ত্যাগ কৰিব পাৰিলে উচ্চ ৰক্তচাপ তথা উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা অন্যায় বোৰৰ পৰা দুৰত থাকিব পাৰিব৷

নিমখ


নিমখ হৈছে এবিধ এনেকুৱা উপাদান যাৰ অবিহনে আমাৰ খাদ্যবোৰ খাবলৈ বেয়া লাগে৷ নিমখ নিদিলে খাদ্যবোৰ সোৱাদ নালাগে৷ কিন্তু এই নিমখেই হৈছে উচ্চ ৰক্তচাপৰ বাবে বৰবিহৰ দৰে৷ সাধাৰণতে আমি খাদ্যবোৰ সিজোৱাৰ বাবে নিমখ ব্যৱহাৰ কৰিবই লাগিব৷ সেই নিমখখিনিৰ বাবে আমাৰ সিমান অপকাৰ নহয়৷ কিন্তু চালাদত দিয়া নিমখ বা পিটিকাত দিয়া নিমখ অথবা ভাত খাওতে থালৰ কাষত লোৱা কেচা নিমখে আমাৰ যথেষ্ট ক্ষতি কৰে৷ তাৰোপৰি পেকেটত থকা খাদ্য যেনে চিপচ, আচাৰ, চানা বা পেকেটত থকা কেচা মাছ বা মাংস আদিবোৰত নিমখ মিহলাই থোৱা হয় যাতে বহুদিনলৈ ভালে থাকে আৰু খাবলৈ সুস্বাদু হয়৷ এইবোৰ খাদ্যই আমাৰ দেহৰ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে৷

এলক’হল অৰ্থাৎ মদ্যপান:


আমি এটা কথা লক্ষ্য কৰি আহিছো যে আগৰ সময়ৰ তুলনাত বৰ্তমান সময়ত মাদক দ্ৰব্যৰ সেৱন যথেষ্টখিনি বৃদ্ধি পাইছে৷ হয়তো পাশ্চাত্যৰ প্ৰভাৱ বা ইন্টাৰনেটৰ পৰা কিছু কথা অনুসৰণ কৰি বা অন্য বিভিন্ন কাৰণৰ বাবে এলক’হলৰ প্ৰতি আজিৰ প্ৰজন্মৰ সমন্বিতে সকলোৱে বেছিকৈ আকৰ্ষিত হৈছে৷ বহুতে আকৌ এই এলক’হলক এবিধ ঔষধ বুলিও ক’বলৈ চেষ্টা কৰে৷ এইবোৰ একেবাৰে ভুল ধাৰণা। এইখিনি সময়ত আমি পাহৰি যাও আৰু আমি কেতিয়াবা সীমা চেৰাই গৈ এলক’হল সেৱন কৰিব লও৷ যাৰ ফলস্বৰূপে আমাৰ বিভিন্ন বেমাৰ যেনে হাৰ্টৰ বেমাৰ তথা আমাৰ দেহৰ ৰক্তবাহিকা শিৰা ধমনীবোৰত চমনি পৰে যাৰ উচ্চ ৰক্তচাপজনিত বিভিন্ন ৰোগে দেখা দিব পাৰে৷

Smoking বা চিগাৰেট সেৱন:


এলক’লৰ কথা কওতে আমি আন এটি কথাও ক’ব লাগিব যে এলক’হলৰ লগে লগে চিগাৰেটৰ সেৱনৰ মাত্ৰাও আগতকৈ বহু পৰিমাণে বাঢ়ি গৈছে৷ চিগাৰেটৰ পেকেটত জলজল পটপটকৈ সাৱধানবাণী বোৰ লিখা থাকে যদিও আমি সেইবোৰ অৱজ্ঞা কৰি তাক সেৱন কৰো৷ ফলত আমাৰ হাওফাও কিডনী হাৰ্ট ৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব পাৰে৷ লগতে ব্ৰেইন ষ্ট্ৰোকৰ দৰে বেমাৰতো ভুগাৰ সম্ভাৱনা থাকে ৷ চিগাৰেট সেৱনৰ ফলত উচ্চ ৰক্তচাপৰ বৃদ্ধি পাব পাৰে৷

চেনী বা Sugar:


আমি ভাৱো যে চেনী আমি অকল Diabetes ৰ বাবে নাখাও কিছু চেনীৰ বাবে আমাৰ মেদবহুলতা বৃদ্ধি পায়৷ আৰু মেদবহুলতা মানে আমাৰ হাৰ্টৰ ওপৰত অত্যধিক চাপৰ সৃষ্টি হয়৷ আমি হয়তো ভাৱো যে এটা কেক বা এটা ৰসগোল্লা খালেনো কি হ’ব? কিন্তু সেই বস্তুখিনি খোৱাৰ ফলত আমাৰ যি এক্সট্ৰা কেল’ৰিবোৰ যেতিয়া চৰ্বিলৈ ৰূপান্তৰিত হয় সেই চৰ্বি বোৰে উচ্চ ৰক্তচাপ থকা ৰোগীক বাৰুকৈয়ে ক্ষতি কৰে৷ যাৰ ফলত সেই মানুহ জনৰ হাৰ্ট এটেক হোৱাৰো সম্ভাৱনা থাকে৷

চৰ্বিজাতীয় খাদ্য:


আমাৰ শৰীৰৰ বাবে চৰ্বি এবিধ আমাৰ শৰীৰৰ বাবে জৰুৰী খাদ্য বা উপাদান৷ কিন্তু প্ৰয়োজনতকৈ বেছি খালে সকলো খাদ্যই বৰবিহৰ সমান। বিশেষকৈ আজিকালি আমি ফাষ্টফুড বা প্ৰচেচ ফুড খোৱাৰ ওপৰত খুব গুৰুত্ব দিও৷ এইবোৰ একেবাৰে অপুষ্টকৰ খাদ্য। এইবোৰ খোৱাৰ ফলত উচ্চ ৰক্তচাপ থকা লোকৰ শৰীৰৰ বহুখিনি অৱনতি ঘটিব পাৰে। লগতে ক’লেষ্ট্ৰল বঢ়াৰো সম্ভাৱনা অধিক হৈ পৰে৷ আৰু ফলস্বৰূপে ষ্ট্ৰোক হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে৷

সামৰণি:


আমি একেদিনাই হয়তো এই বস্তুবোৰ এৰিব নোৱাৰিব পাৰো কিন্তু আমি সুস্থ ভাৱে জীয়াই থাকিবলৈ নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ হ’লে এইবোৰ অখাদ্য এৰিবই লাগিব৷ পৰিয়ালৰ সুখৰ বাবে লগতে নিজেও বাচি থাকিবলৈ হ’লে এইবোৰ বস্তুৰ পৰা দুৰত অহাটো জৰুৰী৷ ইয়াৰ বিষয়ে আপোনাৰ মতামত কি জনাবচোন৷ যদি কিবা শুধিবলগীয়া থাকে শুধিবও পাৰে৷[/vc_column_text][/vc_column][/vc_row]

11 COMMENTS

  1. ধুনীয়া কথা কৈছে দাদা ,আপোনাৰ মই এজন অনুৰাগী,আপোনাৰ কথাবোৰে বহুত উপকাৰ কৰে ।

  2. অসমীয়া ভাষাত স্বাস্থ্য সম্পৰ্কীয় মূল্যৱান কথা বোৰ জানিবলৈ এটা নতুন website -ৰ সন্ধান পাই বহুত ভাল লাগিছে। আপোনাক অভিনন্দন জনাইছো ।

  3. দাদা মই শিৱসাগৰ ৰ পৰা কলো..আজি ৬ মাহ মানৰ পৰা মই high pressure টেবলেট খাই আছো…কিন্তু মোৰ pressure টো কম হোৱা নাই । কি কৰিলে ভাল ফল পাম জনাবচোন….

  4. আপোনাৰ পোষ্টটোৰ পৰা শিকিব লগা বহুত আছে , ধন্যবাদ দাদা , জয় আই অসম ।

  5. সুন্দৰ। আগলৈ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ সমূহ পাবলৈ আশা কৰিলোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here