Home স্বাস্থ্য নৱজাতকৰ সৰি পৰা নাভিটো মহৌষধ নেকি?

নৱজাতকৰ সৰি পৰা নাভিটো মহৌষধ নেকি?

0
নৱজাতকৰ সৰি পৰা নাভিটো মহৌষধ নেকি?
Photo by Nihal Karkala on Unsplash

শিশু এটাৰ জন্ম হ’ল৷ শিশুটিৰ জন্ম হোৱাৰ পাছত ডাক্তৰ বা নাৰ্ছে শিশুটিৰ নাভিৰ পৰা ওলোৱা “UMBILICAL CORD” ডাল কাটি দিয়ে আৰু ধুনীয়াকৈ বান্ধি দিয়ে৷ “UMBILICAL CORD” মানে হৈছে মাতৃৰ গৰ্ভাশয়ৰ লগত শিশুটিক যিয়ে সংযুক্ত কৰি ৰাখে বা সম্পৰ্ক থাকে৷ তাৰপাছত শিশুটিক মাকৰ লগত ঘৰলৈ পঠিয়াই দিয়ে৷ ঘৰত কেইদিনমান থকাৰ পাছত অৰ্থাৎ জন্মৰ কেইদিনমান পাছত শিশুটিৰ নাভিত ওলমি থকা “UMBILICAL CORD” অৱশিষ্ট অংশখিনি শুকাই মেলি সৰি পৰে৷ তেতিয়া আমি কি কৰো সেই অৱশিষ্ট টুকুৰাটো ধুনীয়াকৈ বান্ধি থৈ দিও৷ যেতিয়াই পাছত শিশুটিৰ পেটৰ বিষ হয় বা পেটৰ বিষত কান্দে বা পেটৰ কিবা আন ধৰণৰ বেমাৰ হয় তেতিয়া আমি কি কৰো সেই টুকুৰাটো এটা পাত্ৰত পানী লৈ তাত তিয়াই সেই পানীখিনি আমি শিশুটিক খুৱাই দিও৷ এইটো এটা বিশ্বাস যে সেইটো পেটৰ বিষৰ বাবে মহৌষধ৷

এই যিটো বিশ্বাস ইয়াৰ জানো কিবা বৈজ্ঞানিক ভিত্তি আছে?

বৈজ্ঞানিক দৃষ্টিৰে চাব গ’লে এই বিশ্বাসবোৰ একেবাৰে ভিত্তিহীন৷ চিকিৎসাশাস্ত্ৰইও এইবোৰ কথাক কেতিয়াও স্বীকৃতি দিয়ানাই৷ আপুনি এবাৰ কল্পনা কৰকচোন যে এটুকুৰা মাংসৰ টুকুৰা সেইয়া কুকুৰা বা ছাগলীৰে হওক আপুনি বাহিৰত থৈ দিলে তাৰ পাছত শুকালে৷ সেই মাংসৰ টুকুৰাটো বেক্টেৰীয়াবোৰৰ বাবে এবিধ ধুনীয়া খাদ্য নহয়নে? সেই সৰু টুকুৰাটোত লাখ লাখ কৌটি কৌটি বেক্টৰীয়াৰ জন্ম হ’ব৷ আপুনি সেই টুকুৰাটো পানীত তিয়াই দিছে মানে তাত কৌটি কৌটি বেক্টেৰীয়া মিহলি হৈছে৷ সেই পানীখিনি কেচুৱাটোক খুৱাইছে মানে কেচুৱাটোক আপুনে বেক্টেৰীয়া খুৱাইছে৷ এতিয়া ভাৱি চাওক এইবোৰ কিমান ভিত্তিহীন কথা৷

শেষত এটাই কথা ক’ম এনেকুৱা কাম কৰাৰ পৰা একেবাৰে বিৰত থাকক৷ এনেধৰণৰ অন্ধবিশ্বাসৰ পৰা দুৰত থাকক৷ নিজেও সুস্থ হৈ থাকক লগতে আনকো সুস্থ ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here