Home স্বাস্থ্য পিন্ধি থকা কাপোৰত হঠাতে জুই লাগিলে ছেকেণ্ডতে কেনেকে নুমুৱাব?

পিন্ধি থকা কাপোৰত হঠাতে জুই লাগিলে ছেকেণ্ডতে কেনেকে নুমুৱাব?

0
পিন্ধি থকা কাপোৰত হঠাতে জুই লাগিলে ছেকেণ্ডতে কেনেকে নুমুৱাব?

আপোনাৰ বা মোৰ যদি কেতিয়াবা গাত জুই লাগে নিজক বচাবলৈ আপুনি মই কি কৰা উচিত? বহুতে এইটো প্ৰশ্নৰ উত্তৰত ক’ব যে পানী ঢালি দিম৷ কোনোবাই ক’ব পুখুৰীত জাপ মাৰি দিম৷ কোনোবাই ক’ব কম্বল তিয়াই বা বস্তা আদিৰে গাটো মেৰিয়াই ল’ম ইত্যাদি ইত্যাদি৷ কিন্তু ধৰি লওক আমাৰ কাষত ওচৰে পাজৰে কোনো লোক নাই বা সেইখিনি সময়ত আমি ভয়তে বিবুদ্ধিত পৰিছো তেতিয়া কিদৰে নিজক বচাম? আৰু ধৰি লওক সেই ঠাইখিনিত পানীও নাই তেনে ক্ষেত্ৰত আমি আমাক বচাবলৈ কি কৰি লাগিব? আকৌ যদিহে আপোনাৰ চকুৰ সন্মুখত কাৰোবাৰ গাত জুই লগা দেখিলে আপুনি কি কৰি? এতিয়া কম্বলখন গৈ তিয়াই আনোতে মেলোতে হয়তো মানুহজনৰ গাত জুইকুৰা বিয়পিও যাব পাৰে৷ তেন্তে আমি কি কৰা উচিত!

Photo by Mohamed Nohassi on Unsplash

আমি কি কৰা উচিত?

হঠাতে যদি আমাৰ গাত জুই লাগে তেন্তে এই তিনিটা কথা মনত ৰাখিব৷

STOP:

STOP অৰ্থাৎ যেতিয়া কাৰোবাৰ গাত জুই লাগে তেন্তে সেই জুইকুৰাই অক্সিজেন পাব নালাগিব৷ যদিহে জুই লগাৰ ভয়তে মানুহজনে দৌঁৰা দৌঁৰি কৰে তেনেহলে বতাহৰ পৰা কাপোৰে বেছি অক্সিজেন পাব আৰু জুইকুৰা বেছিকৈ জ্বলাত সহায় কৰিব৷ সেয়ে গাত জুই লাগিলে মানুহজনক ৰৈ দিব দিয়ক৷ ও এইটো ঠিক যে যদি তেওঁৰ ওচৰত তেল পৰি আছে বা কিবা বিস্ফোৰণ হৈছে তেতিয়া তাৰপৰা গুছি আহক৷ অন্যথা য’তেই আছে তাতেই ৰৈ দিয়ক৷

DROP:

DROP অৰ্থাৎ জুই লগাৰ পাছত ৰৈ দিব হয় কিয় থিয় হৈ নাথাকি শুই দিয়ক৷ থিয় হৈ থাকিলে জুইকুৰা বিয়পিবলৈ বেছিকৈ ঠাই বিচাৰি পাব৷ কিন্তু শুই দিলে এটা ফালত অন্তত কমকৈ জুইয়ে পাব৷ সেয়েহে জুইয়ে পোৱাৰ লগে লগে শুই দিয়ক৷

ROLL:

ROLL অৰ্থাৎ মাটিত শুই দিয়েই এবাৰ ইফালে এবাৰ সিফালে বাগৰি দিয়ক৷ এনেকুৱা কৰিলে কাপোৰখিনিয়ে বেছি অক্সিজেন নাপাব আৰু অতি সোনকালে জুইকুৰা নুমুৱাত সহায় কৰিব৷

সামৰণি:

আশাকৰো কথাখিনি পঢ়ি আপুনি বহুখিনিয়ে জানিব পাৰিলে৷ এই তিনিটা সহজ নিয়ম যদি আমি মনত ৰাখি মানি চলো হয়তো কাৰোবাৰ জীৱনো বাচি যাব৷ আপোনাৰ পৰা এটা ধুনীয়া মতামত বিচাৰিলো৷ ধন্যবাদ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here