Home স্বাস্থ্য বিবাহপূৰ্ৱে কিশোৰীৰ গৰ্ভধাৰণ; এক জলন্ত সমস্যা

বিবাহপূৰ্ৱে কিশোৰীৰ গৰ্ভধাৰণ; এক জলন্ত সমস্যা

1
বিবাহপূৰ্ৱে  কিশোৰীৰ গৰ্ভধাৰণ; এক জলন্ত সমস্যা

Teenager বা কিশোৰী সকলৰ Pregnancy বা গৰ্ভধাৰণ!! ইয়াৰ কাৰণ কি? ৰোধ কৰিব পাৰিনে? এই ক্ষেত্ৰত পৰিয়াল তথা সমাজৰ দায়িত্ব কিমান?

Photo by Cassidy Rowell on Unsplash

আমাৰ সমাজৰ বাঢ়ি অহা বিভিন্ন সমস্যাবোৰৰ ভিতৰত এটা গুৰু সমস্যা হৈছে Teenager অৰ্থাৎ কিশোৰী সকলৰ Pregnancy বা গৰ্ভধাৰণ৷ বৰ্তমান সময়ত এইয়া এক অতিকৈ চিন্তনীয় বিষয়৷ ইয়াৰ কাৰণ বিভিন্ন হ’ব পাৰে৷ ইন্টাৰনেতৰ অপব্যৱহাৰ বা পাশ্চাত্যৰ সংস্কৃতিক আকোৱালি লোৱাটোও হৈছে এই ব্যাধিটোৰ অন্যতম কাৰণ৷ কাৰণ যিয়েই নহওক আমি ইযাক ৰোধ কৰিব পাৰিব লাগিব৷ এনেকুৱা সমস্যাৰ বাবে অকল ছোৱালী গৰাকীয়ে নহয় তেওঁৰ পৰিয়ালটোৰ ওপৰতো আহি পৰে বিভিন্ন অসুবিধা৷ সকলোতকৈ ডাঙৰ কথা ছোৱালী গৰাকীৰ স্বাস্থ্যৰ অৱনতিও ঘটিব পাৰে৷ ধৰ্ষণো হৈছে এটা মূখ্য আৰু প্ৰধান কাৰণ৷ এই ব্যাধিটোৰ কাৰণবোৰ যদি আমি ফহিয়াই চাও তেন্তে আমি বিভিন্ন দিশ বিচাৰি পাব পাৰো৷

কাৰণবোৰ কি কি?

বিভিন্ন Research ৰ পৰা পোৱা কিছুমান কাৰণ ডাঙি ধৰিছো:

  • যৌনশিক্ষা বা “Sex Education” ৰ অভাৱ
  • ইন্টাৰনেতৰ অপব্যৱহাৰ
  • “Rape Victim” অৰ্থাৎ “ধৰ্ষিতা”
  • গৰ্ভনিৰোধক ব্যৱস্থাবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত উদাসীনতা৷

কেনেকৈ ৰোধ কৰি পৰা যায়?

এই সমস্যাৰ সমাধান বিচাৰিবলৈ হ’লে অকল এটা পৰিয়ালৰে নহয় সমাজখনৰো দায়িত্ববোৰো ফহিয়াই চাব লাগিব ৷

  • শিক্ষা ব্যৱস্থাত যৌন শিক্ষা দিয়াতো বাধ্যতামূলক কৰিলে চাগে বহুখিনি সজাগতা আহিব ৷
  • এইটো ভাৱিব নালাগিব যে এগৰাকী ছোৱালী অকল বাহিৰা লোকৰ দ্বাৰাই ধৰ্ষিতা হয়, ঘৰৰ মানুহৰ দ্বাৰাও এই অপকৰ্ম হোৱা দেখা যায়৷ গতিকে ছোৱালী সন্তান সকলক তেঁওলোকে বুজি পোৱা ধৰণে কথাবোৰ বুজাই দিয়ক৷
  • ইন্টাৰনেতৰ কিদৰে ব্যৱহাৰ কৰিছে আমি সিহঁতক অনবৰতে চাই থাকিব নোৱাৰিলেও যিমানখিনি পাৰি নজৰ দিয়ক৷

সামৰণি:

শেষত এইখিনিয়ে ক’ম যে এগৰাকী সন্তান ল’ৰা হওক বা ছোৱালীয়ে হওক, তেওঁলোক আমাৰ ভৱিষ্যত৷ তেওঁলোকে ভুল পথে গ’লেও শুদ্ধ পথত আনিবলৈ চেষ্টা কৰিবই লাগিব৷ এই বিষয়ে আপোনাৰ মতামত কি জনাবচোন৷ ধন্যবাদ৷

1 COMMENT

  1. বিৰাটেই দৰকাৰী তথা জানিবলগীয়া কথা…ভাল লাগিল 👍🏻

LEAVE A REPLY

Please enter your comment!
Please enter your name here