Homeঅতিথি লেখকৰ শিতানঅকল খোজ কাঢ়ি প্ৰায় ৪৭ কেজি ওজন কমোৱা অসমৰ জোঁৱাই আই.পি.এছ বিষয়াজনৰ...

অকল খোজ কাঢ়ি প্ৰায় ৪৭ কেজি ওজন কমোৱা অসমৰ জোঁৱাই আই.পি.এছ বিষয়াজনৰ কাহিনী শুনিলে একেবাৰে এলেহুৱাজনো উৎসাহিত হ’ব

আমাৰ খাদ্যাভাস তথা আমাৰ জীৱনশৈলীৰ প্ৰভাৱে দিনে দিনে আমাৰ দেহটোৰ ওপৰত বৰ বেয়াকৈ আক্ৰমণ কৰিছে৷ যাৰ ফলত আমাক মেদবহুলতাৰ দৰে এক ডাঙৰ সমস্যাই তিলতিলকৈ বিভিন্ন বেমাৰৰ ফালে ঠেলি দিছে৷ বেমাৰৰ কথা নকলোৱেই যেনিবা আমাৰ সকলোৰে মনৰ হাবিয়াস যে আমাৰ এটা সুন্দৰ সুঠাম শৰীৰ হওক৷ কাপোৰ এসাজ পিন্ধিলেও যাতে আমাক শুৱনি দেখাই৷ এখন গ্ৰুপ ফটো উঠিলে যাতে আমি নিজকে আনৰ পিছফালে লুকাব লগীয়া নহয়৷ যেতিয়া আমাৰ দেহটো শকত আৱত হৈ পৰে আমি আমাৰ আত্মবিশ্বাসো হেৰুৱাই পেলাও৷ কিন্তু এই সমস্যাৰ পৰা ওলাই অহাটো অসম্ভৱ নহয়৷ আৰু সেইয়া প্ৰমাণ কৰি দেখুৱাইছে বিৱেক ৰাজ সিং কুকৰেলে দেৱে৷ তেখেত বৰ্তমান চত্তৰপুৰ ৰেঞ্জ, মধ্যপ্ৰদেশৰ DIG ৰূপে কৰ্মৰত৷ তেখেত অসমৰ আই.এ.এছ বিষয়া শ্রী বৰ্ণালী ডেকাৰ স্বামী। সেইসূত্ৰে তেখেত আমাৰ অসমৰ জোঁৱাই। তেখেত অসমৰ দৰং, নগাওঁ, লক্ষীমপুৰ, ডিমা হাচাও জিলাৰ আৰক্ষী অধিক্ষক হিচাপে তথা চতুৰ্থ এ.পি বেটালিয়নৰ কমাণ্ডেণ্ট  হিচাপে অসমত বহু বছৰ উন্নত সেৱা প্ৰদান কৰিছে। সেইসময়ৰ মুখ্যমন্ত্ৰী শ্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ সুৰক্ষা বিভাগৰ আৰক্ষী অধিক্ষক হিচাপেও তেখেতে এক গুৰু গম্ভীৰ দায়িত্ব পালন কৰি গৈছে। আজি তেখেতৰ কথাৰে তেখেতৰ কাহিনীৰে আজিৰ বিষয়টোৰ ওপৰত আলোচনা কৰিম৷

 

  • ১৩০ কেজিৰ সৈতে মোৰ জীৱন

১৩০ কিলোগ্ৰাম ওজনৰ ওপৰত মোৰ জীৱনটো স্বাভাৱিক আছিল যদিও মই উচ্চ ৰক্তচাপৰ বাবে ঔষধ খাইছিলোঁ। মই মাত্ৰ ২২ বছৰ বয়সত হাইপাৰটেনচনৰ ঔষধ খাবলৈ আৰম্ভ কৰিছিলো। অন্যথা মই সক্ৰিয় আছিলোঁ। মই যেতিয়া অসমৰ নগাওঁ জিলাৰ SP হিচাপে কৰ্মৰত আছিলো তেতিয়া মোৰ ওজন আছিল ১৩৮ কিলোগ্ৰাম কিন্তু তেতিয়াও মই দৈনিক বেডমিণ্টন খেলিছিলোঁ ৷ কিন্তু ওজনৰ বাবে বহু নিষেধাজ্ঞা আছিল৷ ১০০ মিটাৰো দৌঁৰিব পৰা নাছিলো , উশাহ-নিশাহ নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই আহিছিল ৷ সেই সময়ত মই ওজন কমাবলৈ তেনেকৈ কোনো সিদ্ধান্ত লোৱা নাছিলো যদিও নিজকে ফিট হোৱাটো সদায় ইচ্ছা আছিল ৷

  • কেনেকৈ আৰম্ভ কৰিলো/কি পৰিৱৰ্তন কৰিলো

মই ২০১৯ চনৰ নৱেম্বৰ মাহত খোজ কঢ়াৰ অভ্যাস গ্ৰহণ কৰিলোঁ আৰু দৈনিক যিমান পাৰো খোজ কঢ়া আৰম্ভ কৰিলোঁ ৷ লাহে লাহে মই দৈনিক ৩০,০০০ টা ষ্টেপ কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু মই ওজন কমোৱাৰ কথা ভাৱিলো আৰু সকলোকে ক’বলৈও আৰম্ভ কৰিলো। যাতে এই কথাই সকলোকে খোজ কঢ়াৰ প্ৰেৰণা যোগায় ৷

মই কোৱাৰ দৰে মই খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু ক্ৰমান্বয়ে দৈনিক খোজ কঢ়া বৃদ্ধি পালে৷ মই লকডাউনৰ সময়ত দৈনিক ৪৫,০০০-৫০,০০০ টাকৈ খোজ কাঢ়ি আছিলো আৰু সেইটোৱে মোৰ ওজন দ্ৰুত গতিত কমোৱাত সহায় কৰিলে। তাৰ পিছত ২০২০ চনৰ মে’ মাহৰ পৰা মই মোৰ ৰুটিনত ষ্ট্ৰেংথ ট্ৰেইনিংও যোগ কৰিলোঁ ৷ শেহতীয়াকৈ মই “Running with Decent pace” আৰম্ভ কৰিছো।
মূলতঃ সক্ৰিয় জীৱনশৈলী, কেলৰি জ্বলাবলৈ প্ৰতিটো মিনিট ব্যৱহাৰ কৰিছো৷ ২০২০ চনৰ ডিচেম্বৰৰ পৰা মই পেশীৰ ভৰ বজাই ৰাখিবলৈ আৰু লাভ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন নিশ্চিত কৰি মোৰ কেলৰি গ্ৰহণ নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিলোঁ। খাদ্যৰ পৰিমাণ নিৰ্ণয় কৰিলে খাই থকা সকলো বস্তুতে কেলৰিৰ বিষয়ে অধিক সচেতন হৈ পৰে।

 

 

  • মোৰ ব্যক্তিগত আৰু পেছাদাৰী সুবিধাসমুহ:

এনেকুৱা অভ্যাসবোৰৰ বাবে আচৰিত ধৰণে মোৰ শৰীৰৰ আকৃতি সলনি হোৱা পৰিলক্ষিত হ’ল,অধিক আত্মবিশ্বাস লাভ কৰিলো ৷ বহুতকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ওজন কমাবলৈ প্ৰেৰণা দিব পাৰিলো ৷ মই বহুতো মেছেজ পাওঁ “INSTAGRAM” বা “FACEBOOK PAGE” ত য’ত তেওঁলোকে মোক কয় যে আপুনি  ইমান কিলো কমাই দিলে৷ আচৰিত৷ সেইটোৱে মোক আৰু অধিক সন্তুষ্টি অনুভৱ কৰাই ৷
মই সুখ অনুভৱ কৰো, মই আত্মবিশ্বাসী অনুভৱ কৰো আৰু মই এতিয়া ফিটনেছৰ বিষয়ে ভালদৰে শিকিছো ৷ এটা সুঠাম শৰীৰত ইউনিফৰ্ম পিন্ধিলে অধিক আনন্দ, গৌৰৱ আৰু সন্তুষ্টি দিয়ে। যেতিয়া মানুহে অনুপ্ৰাণিত হয় সঁচাকৈয়ে ভাল অনুভৱ হয় ৷ বহু চৰকাৰী কৰ্মচাৰীয়ে ব্যক্তিগতভাৱে নিজকে ৰূপান্তৰিত কৰিছে আৰু স্বীকাৰ কৰিছে যে মই তেওঁলোকৰ ৰূপান্তৰৰ কাৰণ/প্ৰেৰণা, যিয়ে মোক বহুত সন্তুষ্টি দিয়ে। মই এতিয়া উচ্চ ৰক্তচাপৰ বাবে ঔষধ লোৱাৰ প্ৰয়োজন নাই৷ মোৰ হৃদস্পন্দন এতিয়া প্ৰায় ৪০ বাৰ। মই এতিয়া দৌঁৰিব পাৰো৷ মোৰ উশাহ সহজি বন্ধ নহয়৷ ৪০ বছৰৰ পিছত যেতিয়া আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত এইবোৰ পায় তেতিয়া সুখী অনুভৱ হয় ৷ এতিয়া মই মোৰ খাদ্য ভালদৰে উপভোগ কৰিব পাৰো কাৰণ মই দৈনিক অতিৰিক্ত কেলৰি জ্বলোৱাৰ অভ্যাস গঢ়ি তুলিছো। মই অধিক সক্ৰিয় , সজাগ , শক্তিশালী আৰু ফলপ্ৰসূ।

  • ৰাইজলৈ মোৰ পৰামৰ্শ:

সুস্থ জীৱনৰ বাবে সক্ৰিয় জীৱনশৈলী আৰু মননশীল খাদ্যাভ্যাস আটাইতকৈ গুৰুত্বপূৰ্ণ৷ সকলোৱে নিজৰ খাদ্যাভ্যাসৰ বিষয়ে সজাগ হ’ব লাগে ৷ নিজৰ প্ৰয়োজন অনুসৰি নমনীয় সক্ৰিয় জীৱনশৈলী থাকিব লাগে৷

সামৰণি:

এটা সুস্থ শৰীৰে হৈছে এটা সুস্থ জীৱনৰ আধাৰ৷ ক্ষন্তেকীয়া সুখকৰ কিছুমান খাদ্যাভাস তথা শাৰীৰিক ব্যায়ামৰ প্ৰতি অৱহেলাই আমাৰ জীৱনশৈলীত যথেষ্ট বেয়া প্ৰভাৱ পেলাই৷ সেয়ে এইবোৰৰ পৰা কিছু আতৰত থাকি নিজক সুস্থ সুঠাম কৰি ৰাখক৷ আপোনাৰো আছে নেকি এনেকুৱা সমস্যা? জনাবচোন৷ যদি আছে এইখিনি কথা অলপমান পালন কৰি চাবচোন৷

Vivek Raj Singh
Vivek Raj Singh
Vivek Raj Singh (Kukrele) DIG Chhatarpur Range ( Inter cadre deputation to MP) IPS 06 Assam Cadre SP Darrang( twice), SP Nagaon , SP Lakhimpur, SP Dima Hasso , Commandant 4 th batallion Guwahati and SP CM Security vivekraj.singh@ips.gov.in Facebook page : https://www.facebook.com/vivekrajsinghkukrele1 Instagram : Lensefreaklucky
RELATED ARTICLES

3 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments