Homeআইন আৰু সমাজআপোনাৰ অশ্লীল ফটো কোনোবাই যদি চ’চিয়েল মিডিয়াত দিয়ে !

আপোনাৰ অশ্লীল ফটো কোনোবাই যদি চ’চিয়েল মিডিয়াত দিয়ে !

আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ অশ্লীল বা অসংযত অৱস্থাত থকা ফটো বা ভিডিও যদি কোনোৱে চ’চিয়েল মিডিয়াত আপলোড কৰে বা কৰিম বুলি ভাবুকি দিয়ে, আপুনি কি কৰিব? আপোনাৰ পোনপ্ৰথমে কৰিবলগীয়া কাম কি জানেনে?

চ’চিয়েল মিডিয়া বা প্ৰযুক্তিবিদ্যাৰ উত্তৰণ আৰু সম্প্ৰসাৰণে আমাৰ পৃথিৱীখনকে আগুৱাই লৈ গৈছে সঁচা কিন্তু ইয়াৰ অপব্যৱহাৰে বিভিন্নজনক বিপদত পেলোৱাৰো উদাহৰণ নথকা নহয়৷ বহুতেটো নিজৰ জীৱনো শেষ কৰিবলৈ এক চেকেণ্ডৰ বাবেও নাভাৱে৷ দিনে দিনে বাঢ়ি যোৱা এই মাৰাত্মক ব্যাধিটোৱে ইমানে ব্যাপক ভাৱে বিয়পি গৈছে যে আমি ইচ্ছা কৰিও ইয়াক ৰোধ কৰাত অসমৰ্থ হৈ পৰিছো৷ আজি এটা কথা আমি মানি ল’বই লাগিব যে চ’চিয়েল মিডিয়াৰ পটভূমিখনে মানৱ সভ্যতাক যদি প্ৰসাৰৰ ক্ষেত্ৰত উদ্‌গনি দি আহিছে তাৰে বিপৰীতে কিন্তু সমাজৰ এটা চাম ধ্বংস হ’বলৈও ধৰিছে৷ এইয়া মোৰ ধাৰণা।

এনেকুৱা অপৰাধৰ কাৰণবোৰ কিনো?

এই অপৰাধ বোৰৰ বা অপৰাধীবোৰৰ অপৰাধ প্ৰৱনতা বৃদ্ধি হোৱাৰ কাৰণ বিভিন্ন হ’ব পাৰে ৷
– প্ৰেমজনিত কাৰণ

– প্ৰতিশোধৰ অভিপ্ৰায়

– নৈতিক শিক্ষা তথা সংস্কাৰৰ অভাৱ

– ব্লেকমেইল

– পাৰিবাৰিক কন্দল ইত্যাদি ৷
এইবোৰ হৈছে কিছুমান কাৰণ যাৰ বাবে হয়তো এনেধৰণৰ অপৰাধবোৰে বেয়াকৈ শিপাই গৈ আছে ৷

 আমাৰ সমাজ ব্যৱস্থাখনক সুশৃঙ্খল ভাৱে ৰাখিবলৈ আমাৰ অভিভাৱক হিচাপে আছে আমাৰ আইনী ব্যৱস্থা সমুহ ৷ আপোনাৰ লগত যদি এনেকুৱা অভাৱনীয় ঘটনা কেতিয়াবা ঘটে,

  • আপুনি পোনপ্ৰথমে আপোনাৰ সেই ফটো বা ভিডিওবোৰ যিমান পাৰে সোনকালে মচিবলৈ চেষ্টা কৰক ৷ প্ৰয়োজন হ’লে এজন অধিবক্তাৰ সহায় লওক৷
  • ঘটনাটো গম পোৱা মাত্ৰকে আপোনাৰ ওচৰৰ যি আৰক্ষী চকী আছে তাতে গৈ এখন FIR দিয়ক৷
  • কোনোবা বিশেষ ব্যক্তিৰ ওপৰত যদি আপোনাৰ সন্দেহ হৈছে তেখেতৰ নাম FIR ত উল্লেখ কৰক৷
  • আজিকালি CYBER CELL ত অনলাইনো FIR দিব পাৰি৷
  • আৰক্ষী চকীলৈ যোৱাত কিবা অসুবিধা হ’লে www.cybercrime.gov.in ত গৈ আপোনাৰ FIR খন সহজতে দিব পাৰে৷

এইখিনি ব্যৱস্থা যদি আপুনি ততাতৈয়াকৈ গ্ৰহণ কৰে আপুনি সাম্ভাৱ্য বিপদৰ পৰাটো ৰক্ষা পৰিবই লগতে দোষীয়েও চৰম শাস্তি লাভ কৰিব ৷

কেনেকৈ ৰোধ কৰিব:

এই ধৰণৰ অপৰাধ ৰোধ কৰাটো বৰ্তমান আমাৰ দায়িত্ব বুলি ক’লেও ভুল নহয় ৷ কিছুমান কথা যদি আমি মনত ৰাখো আৰু অলপমান সাৱধানে চলো বিশেষকৈ চ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাৰ সময়ত তেন্তে আমি এনেবোৰ সাম্ভাৱ্য বিপদৰ পৰা বাচি থাকিব পাৰিম ৷

  • যিমানেই আপোন নদওক কিয় আপোনাৰ ব্যক্তিগত ফটো ভিডিও আনৰ লগত বিনিময় নকৰিব৷
  • আপোনালোকে জানেনে যে নিজৰ ব্যক্তিগত ফটো ভিডিও আনৰ লগত বিনিময় কৰাটোও এটা ডাঙৰ অপৰাধ৷
  • কোনোৱে বিভিন্ন প্ৰলোভন দিলেও এনেকুৱা কাম কৰাৰ দুৰত থাকক৷
  • আপোনাৰ ব্যক্তিগত তথ্য যেনে, ID বা PASSWORD আনৰ লগত বিনিময় নকৰিব৷

সামৰণি:

কেতিয়াবা নভৱা নিচিন্তাকৈও আপোনাৰ লগতো এনেকুৱা CYBER CRIME হ’ব পাৰে ৷ সেয়েহে চ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰোতে অলপ সাৱধান হওক ৷ এই বিষয়টোৰ ওপৰত আপোনাৰ মতামত বিচাৰিলো ৷ ধন্যবাদ ৷

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments