আঘোণৰ পথাৰত আবেলি আবেলি গোন্ধ
এটি চিনাকী শব্দ ধানৰ মুঠিত কাচিৰ খৰ আক্ৰমণ
সোণগুটিৰ ভৰত দোঁ খাই পৰিছিল
পাহোৱাল ডেকাৰ উঠন দেহা
গাভৰুৰ হাঁহিৰ খিল খিল শব্দত
জিপাল হৈ উঠিছিল ভৰ দুপৰীয়া
সন্ধিয়াৰ নামঘৰৰ ডবাটো
নাকে কাণে কিবা এটা গুজি
ৰাসৰ আখৰালৈ দৌৰ মৰাৰ বতৰ এয়া
গাৱৰ লগৰীয়া বোৰ চাগে ব্যস্ত
“কালকেতু!
ঘূৰোৱা বিজুলী বেগেৰে তোমাৰ তীক্ষ্ণ তৰোৱাল”
নামঘৰৰ পৰা ভাঁহি অহা কংস বধৰ আয়োজন
সেই দিনবোৰ এতিয়াও হৃদয়ৰ
কোনোবা কোণত সজীব হৈ আছে
এইবাৰো গাৱৰ ৰাসখন চাবলৈ নাপাম
“শৰৎকালৰ ৰাতি অতি বিতোপন……”
“নাচে কৃষ্ণ বিমল অবুজ দেৱ নাৰায়ণ….”
গাৱৰ ৰাইজে সিন্ধান্ত কৰি
জোৰকৈ দিয়া বচন ভাগ
গাবলৈ মন থাকিলেও না না কৰি শেষত
ইমান জোৰ কৰিছে যেতিয়া কৰি দিম বুলি সৈমান হোৱা
এতিয়া মন যায় কোনোবাই যদি মাতিল হেঁতেন জোৰকৈ
নাই এতিয়া সেইবোৰ অতীত হ’ল দিনবোৰ সলনি হ’ল
আধুনিকতাৰ প্ৰভাৱত সকলো বোৰ নতুন হ’ল
মাত্ৰ এটা পৰম্পৰা থাকি গ’ল
গাৱৰ ধূলি বালি আবেলি মুখত ঘাঁহ পাগুলি
ঘূৰি অহা গৰু মহৰ জাঁক বোৰ
হাঁহি ধেমালি কৰি ঘৰমুৱা হোৱা দাৱনী সকল
কুৰি বছৰীয়া এৰিয়া চাদৰ খন গাঁত লৈ
চোঁতালত জুই কুৰা জ্বলাই বহা
ককাদেউতা আৰু আইতা জনী
উফ ঘূৰি অহা হলে সেই সোণসেৰীয়া সময়বোৰ
পিছে এটা সময় আছিল……………. ।