Homeসাহিত্যকবিতাভৱামতে নহয় কিয় কথাবোৰ

ভৱামতে নহয় কিয় কথাবোৰ

সেই যে বয়সে বুঢ়া কৰা মানুহজন
চচমাৰ মাজেৰে সৰকি আহি
মোৰ চকুত পৰা এহালি চকু
গভীৰ সেই দুচকু
ক’ত প্ৰেমিকৰ সাক্ষী সেই চকুহাল
কিবা এটা যেন আধৰুৱা
নাজানো কিয় এনে হয় মোৰ
এটা অদ্ভুত আকৰ্ষণ সেই চকুহাল
মোক কব খোজে যেন বহু কথা
কব নোৱাৰাৰ বেদনাত উচপিচাই উঠে
মোৰ আগমনে কিয় বাৰু সেমেকাই তোলে
সেই বয়সে বুঢ়া কৰা মানুহজনৰ চৌপাশ
মোৰ সান্নিধ্যত জিয়াই তুলিব খোজো
সেই সেউজীয়া মানুহজনক
লোভ মোহ কাম ক্ৰোধৰ উদ্ধত
দুৰ্বল হৈ উঠা মোৰ হৃদয়ে
সান্নিধ্য বিচাৰে এখন জিয়া হৃদয়ৰ
লগ পালেই সেই বয়সে বুঢ়া কৰা মানুহজনক
শুধিবলৈ মন যায়
এক্সকিউজ মি….
আপোনাৰ হৃদয়ত মোৰ হৃদয়খনক ক্ষন্তেক
জিৰাবলৈ দিব নেকি? বিনিময়ত কিন্তু
একোকে দিব নোৱাৰিম
সেই মানুহজনৰ হৃদয়ত ক্ষন্তেক জিৰালে
মোৰ জীৱন যেন ধন্য হৈ উঠিব
কিয় বাৰু এনে হয়
ভৱা মতে নহয় কিয় কথাবোৰ
তেখেতেক লগ পাম কৈ যাম মোৰ মনৰ কথাবোৰ
তেওঁ শুনিব আৰু এমোকোৰা হাঁহি লৈ
মোক আকোঁৱালি লব দুবাহুত
ভৱা মতে নহয় কিয় কথাবোৰ
ক’ত বাৰ মুখা মুখি হৈছো তেওঁৰ সৈতে
কেতিয়াবা সেই চাৰিআলিৰ টিক টিক কৈ
ৰঙা কৃষ্ণচুৰাজোপাৰ তলত এবুকু এন্ধাৰ
কেতিয়াবা সেই পূৰ্ণিমাৰ জোনটিৰ তলত
কিন্তু কেতিয়াও কব পৰা নাই কথাবোৰ
ভৱা মতে কিয় নহয় কথাবোৰ
নাজানো তেওঁ কেনেকৈ লব কথাবোৰ
কিন্তু এবাৰ মই ভবাৰ দৰে কিয় নহয় কথাবোৰ?

 

RELATED ARTICLES

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments