Homeস্বাস্থ্যজীউৰ দেউতাকক ফেটী সাপে কামুৰিলে ! ১৩০০ জন ৰোগী কোনে বচালে ?

জীউৰ দেউতাকক ফেটী সাপে কামুৰিলে ! ১৩০০ জন ৰোগী কোনে বচালে ?

মাত্ৰ দহটা উপায়েৰে সাপৰ লগত আমাৰ আকস্মিক সংঘাত আঁতৰাই ৰাখোঁ আহক।

১।পেলনীয়া ভাত য’তে ততে নেপেলাব।

২।পেলনীয়া ভাত আৰু লেতেৰা মানে এন্দুৰ।

৩।এন্দুৰ মানে আপুনি সাপক নিমন্ত্ৰণ দিছে।

৪।পথাৰলৈ যাওঁতে দীঘল বুটজোতা পিন্ধি যাওক।

৫। এন্ধাৰ, চোক কোণ আদিত, যতে ততে হাত ভৰি সুমুৱাই‌ নিদিব।আগত কি আছে সেয়া চাইহে হাত বা ভৰিটো আগ বঢ়াওক।

৬। দ টেংকী আদিত আন্ধাৰতে হাতখন সুমুৱাই নিদিব।ভালদৰে চাই লওক, লাগিলে পোহৰ দি ভালকৈ চাই আগবাঢ়ক।

৭। জোতা পিন্ধাৰ সময়ত সাৱধান। কেতিয়াবা তেওঁলোক তাত সোমাই থাকে।

৮।ৰাতি খোজ কঢ়াৰ সময়ত ম’বাইলৰ টৰ্ছ ব্যৱহাৰ কৰক।‌

৯।মাটিত কেতিয়াও নুশুব।

১০।তথাপি যদি মাটিত শুব মন গৈছে আঠুৱা তৰি শুৱক।

সাপে খোটিলে কি নকৰিব

১) হুলস্থুল নকৰিব।

২)ৰোগীগৰাকীক ভয় নোখোৱাব।

৩)সাপটো বিচাৰিবলৈ বা মাৰিবলৈ চেষ্টা কৰি সময় খৰচ নকৰিব।

৪) খোটা ঠাইডোখৰত ব্লেড আদি মাৰি নিদিব বা ঠাইডোখৰ চুপি বা কিবা যন্ত্ৰ লগাই বিষটো টানিব চেষ্টা নকৰিব। সেয়া কোনোপধ্যে সম্ভৱ নহয়।আমি যেনেকৈ এটোপাল নীল এক মগ পানীত পেলাই দিলে,নীলটো পানীৰ পৰা পৃথক কৰিব নোৱাৰোঁ,ঠিক তেনেদৰে ৰোগীৰ তেজত সোমাই যোৱা সাপৰ বিষটো কোনোপ্ৰকাৰে ওলিয়াই আনিব নোৱাৰোঁ।

৫)ভৰিটো বা হাতটো বান্ধি নিদিব। এনে কৰিলে অংগটোলৈ তেজ চলাচল বন্ধ হৈ, অংগটো অকামিলা হব পাৰে আৰু কেতিয়াবা অংগটো কাটিব লগাত পৰিব পাৰে।

৬)খোটা অংশটো কেতিয়াও নোধোব।

৭)কেতিয়াও খোটা অংশটো লৰচৰ হব নিদিব।এনে কৰিলে বিষটো তেজত মিহলি যোৱাৰ অৱকাশ থাকে।

৮)কেতিয়াও বেজৰ ওচৰত নিনিব।অবাৱত সময় নষ্ট নকৰিব।

৯)অত্যাধিক ঠান্দা বা গৰম লগাই অংশটো পুৰিব চেষ্টা নকৰিব।

১০)কোনো ধৰণৰ বনৌষধি লগাব চেষ্টা নকৰিব।কোনোধৰণৰ মলম আদি নলগাব।

কি কি কৰিব?

১)ব্যক্তিজনক সাহস দিয়ক।
২)শান্ত ভাৱে তেখেতক বুজাওক।
৩)১০৮ ক খবৰ দিয়ক।
৪)ভৰিটো বা হাতখন প্লাষ্টাৰ মৰা নিচিনাকৈ গামোচাৰ বা কাপোৰেৰে মেৰুৱাই দিয়ক।ভৰিটো বা হাতটো লৰচৰ কৰিব নিদিব।
৫)১০৮ আহিব নোৱাৰে যদি ব্যক্তি গৰাকীক মাজত ৰাখি দুচকীয়া বাহন ব্যৱহাৰ কৰক।এজন আগফালে এজন পাছফালে আৰু ৰুগীজন মাজত বহুৱাই লওক।
৬)তৎক্ষণাৎ ওচৰৰ চিকিৎসালয়লৈ লৈ যাওক।
৭)কোনো লক্ষণ নাথাকিলেও ২৪ ঘণ্টা চিকিৎসালয়তে থাকক।কেতিয়াবা লক্ষণবোৰ লাহে-লাহেহে দেখা দিয়ে।

মনত ৰাখিব

১)সৰ্প দংশন এটা আকস্মিক দুৰ্ঘটনা।
২)আমি সকলোৱে বিজ্ঞান সন্মত ভাবে পৰস্পৰক সহায় সহযোগ কৰিব লাগিব।
৩)খোটা অংশটোৰ ওপৰত কেতিয়াও টানকৈ বান্ধ নিদিব।
৪)ঢোৰা সাপ বা বিষ হীন সাপ বুলি চিকিৎসা নোলোৱাকৈ নাথাকিব।নিজে নিজেই সৰ্প বিশেষজ্ঞ নহব।লক্ষণ বোৰ কেতিয়াবা ৩-১০ ঘণ্টা লৈকে দেখা নিদিব পাৰে।
৫)সৰ্প দংশন মানেই বিষাক্ত সাপৰ দংশন বুলি ধৰি লওঁক।
৬)বেজ,জৰা ফুকা আদি কৰি অবাবত সময় নষ্ট নকৰিব।
৬)মনত ৰাখিব যিমানেই বিষধৰ সাপ নহওক কিয় যদিহে উপযুক্ত সময়ত উপযুক্ত চিকিৎসা পায়, ৰোগীৰ আৰোগ্য হোৱাৰ সম্ভাৱনা ১০০%।
৭)সৰ্প দংশনৰ পাছত আপোনাক/আপোনালোকক সঠিক মাৰ্গ দর্শন কৰিবলৈ আৰু চিকিৎসা কৰিবলৈ সদায় সাজু।
৮)মনত ৰাখিব সৰ্প দংশনৰ পৰা হোৱা মৃত্যু আমি সম্পূৰ্ণ বাধা দিব পাৰো।
৯)যদিহে আমি সজাগ হওঁ।
১০)সৰ্প আৰু সৰ্প দংশনৰ সমাজত প্ৰচলিত অন্ধ বিশ্বাসবোৰৰ বিৰুদ্ধে আমাৰ এই যুদ্ধত আপোনালোকৰ সকলোৰে সহায় সহযোগ একান্তই কামনা কৰিলোঁ।

Credit for the Article:
Dr Surajit Giri
Anaesthesiologist
Intensivist
Snake bite social activist

RELATED ARTICLES

1 COMMENT

  1. আপোনাৰ এই প্ৰচেষ্টা সফল হওক। শুভেচ্ছা জ্ঞাপন কৰিছো।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments