দুৰ্লভ

0
দুৰ্লভ
<a href="https://www.freepik.com/free-psd/crowd-people-protesting-together-walking-city-generative-ai_47894214.htm#query=a%20man%20in%20crowd&position=6&from_view=search&track=ais&uuid=164119c9-0ef7-4aac-b97d-5c7150131388">Image by WangXiNa</a> on Freepik

সাত বছৰৰ আগতে লগ পোৱা
আৰু আজি লগ পোৱা
মানুহজনৰ মাজত
বৰ বেছি পাৰ্থক্য নাছিল
একেই হাঁহো নাহাঁহো কৈ মুখত
এটা মিচিকিয়া হাঁহি
একেই উজ্জলতা
গভীৰ দুচকুত ভাঁহি থকা নীলা সাগৰ
চছমাৰ মাজেৰে মোলৈ এপলক চাই
একেই মানুহজন শৰীৰত বয়সৰ চাপ
ধৰা পৰিব খুজা নাছিল মোৰ চকুত
ভিৰৰ মাজতো চিনিব পাৰোঁ মই
মানুহজনক কাৰণ তেওঁ মোৰ
হৃদয়ৰ স্পন্দনত আছে
মোৰ হৃদয়ে দিয়ে তেওঁৰ উপস্থিতিৰ আভাস
মই জানো মোৰ বাবে তেওঁ দুৰ্লভ
ক্ষন্তেক সাক্ষাত আৰু হেৰাই গল
ভিৰৰ মাজত………………………
মই হাবাথুৰি খাই বিচাৰিলোঁ
আৰু দীঘল দীঘল খোঁজেৰে
নিজক বিলীন কৰি দিলোঁ সেই
ভিৰৰ মাজত তেওঁৰ পৰা দূৰত

LEAVE A REPLY

Please enter your comment!
Please enter your name here