Homeঅতিথি লেখকৰ শিতানজলাতংক (ৰেবিজ)

জলাতংক (ৰেবিজ)

ল’ৰাজনৰ বয়স প্ৰায় ৩৪ বছৰ মান হব। আজিৰ পৰা ৬ মাহমান আগৰ কথা।জৰুৰীকালীন সেৱা বিভাগলৈ পত্নী আৰু দুজনমান লোকে লৈ আহিল। কেইদিনমানৰ পৰা পানী খালে মনুজন শিয়ৰি উঠে। আহোতে কথা বতৰা সম্পূৰ্ণ সুন্দৰকৈ পাতি আছিল। লাহে লাহে বেমাৰটো জটিল হৈ আহিল। ল’ৰাজনে খাব নোৱাৰা হল। মুখেৰে অতিপাত লেলাউটি ওলাবলৈ ধৰিলে। অতিশয় উগ্ৰ হৈ উঠিল। পানী দেখিলেও বা অকণমান বতাহ লাগিলেও জিকাৰ খাই উঠা হ’ল। আগতে কুকুৰে কমুৰিছিল নেকি বুলি সোধাত ঘৰৰ মানুহে জনালে যে ৩ বছৰ মান আগতে কামুৰিছিল যদিও বেজী নল’লে। অৱস্থাৰ কোনো পৰিবৰ্তন নহ’ল। বৰঞ্চ দিনক দিনে বেয়াৰ ফালে গতি কৰিলে। আমিও জনালোঁ যে এই বেমাৰৰ পৰা বাচি থকাৰ কোনো উপায় নাই। কেইদিনমানৰ পিছত ঘৰৰ সকলোৱে সিদ্ধান্ত লৈ লৰাজনক ঘৰলৈ লৈ গ’ল।
চিকিৎসক হিচাপে পত্নীৰ মুখলৈ চাবলৈ আমাৰ সাহস নহ’ল। বিয়া হোৱা ৮ মাহ মানহে হৈছিল। ভায়েকে ক’লে কেঁচাকৈ হ’লেও নতুন ঘৰ টো বনাই শেষ হওঁ হওঁ। সোমাবলৈ নাপালে। অনুভৱ হ’ল, চিকিৎসা বিজ্ঞানৰ আধুনিক জয় যাত্ৰাটোত আমি যেন ক’ৰবাত হাৰি গলোঁ।
এই ঘটনাটোৰ ঠিক তিনিমাহ মানৰ পাছৰ কথা। এই ল’ৰা জনৰ বয়সো প্ৰায় ৩৬ বছৰ মান হব। দুমাহ মান আগতে ক’ৰবাৰ পৰা কুকুৰ এটা আহি বাৰীত কাম কৰি থকা দেউতাকক কামুৰিলে। দেউতাকক বচাবলৈ যাওঁতে লৰাজনকো কামুৰিলে। কিন্তু দুখৰ কথাটো হল দেউতাকক ল’ৰাজনে ওচৰৰ হস্পিটাললৈ স্কুটিত নি কুকুৰে কামোৰা পাঁচোটা বেজী দিয়ালে। কিন্তু নিজে এটাও নল’লে। আৰু আজি দুমাহৰ মুৰত আগৰ ল’ৰাজনৰ দৰেই একেধৰণৰ লক্ষণ বোৰ লৈ কেজুৱালিতিলৈ আহিল। প্ৰায় এসপ্তাহ মানৰ পাছত মৃত শৰীৰটো বগা কাপোৰেৰে মেৰিয়াই দেউতাকে শৱ দেহ কঢ়িওৱা বাহনখনত তুলি লৈ গ’ল।
চিকিৎসক হিচাপে নিতৌ বহু ৰোগী লগ পাওঁ। বিশেষ কিছুমান , যাৰ আৰোগ্য হোৱাৰ সম্ভাৱনা যথেষ্ট কম তেনে ৰোগীৰ বাহিৰে বেছিভাগৰে আত্মীয়ক যথেষ্ট দুখ-চিন্তাৰ মাজত সময় পাৰ কৰা দেখিছো। আৰু এইবোৰ মনৰ পৰা আঁতৰাই দৈনন্দিন ব্যস্ততাৰ মাজত নিজক বিলীন কৰি দিও।
কিন্তু ওপৰৰ ঘটনা দুটাই মোক বহুদিন অশান্ত কৰি ৰাখিলে। নকইনা জনী আৰু বুঢ়া বাপেকৰ মুখ দুখন বহুদিন মনলৈ আহি থাকিল। সাধাৰণ দুটি ভুলৰ বাবেই দুটি তজবজীয়া ডেকা ল’ৰাক আমি হেৰুৱালোঁ।
হয়। বেমাৰ টো ৰেবিজ। অসমীয়াত যাক আমি জলাতংক বুলিও কওঁ।চিকিৎসা বিজ্ঞানত আজিলৈকে এই ৰোগৰ কোনো চিকিৎসা আৱিষ্কাৰ হোৱা নাই।প্ৰতিষেধক বেজীৰ বাহিৰে আন গত্যন্তৰ নাই। এবাৰ এই ৰোগত আক্ৰান্ত হলে মৃত্যু প্ৰায় নিশ্চিত। পৰিসংখ্যা অনুসৰি বিশ্বত এতিয়ালৈকে মাত্ৰ ১৫ জন ৰোগীহে এই বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিছে। ভাইৰাছৰ পৰা হোৱা এই ৰোগ পোহনীয়া কুকুৰ, মেকুৰী আদি জন্তুৰ লেলাৱতীৰ জৰিয়তে বিয়পাৰ উপৰিও বাদুলি, শিয়াল আদি বনৰীয়া জীৱ জন্তুৰ দ্বাৰাও বিয়পে। চিকিৎসা বিজ্ঞানত দুই ধৰণৰ ৰেবিজ আছে। প্ৰথমবিধ হল এনকেফেলাইটিক‌‌(Furious) ৰেবিজ যি সাধাৰণতে এই বেমাৰৰ দ্বাৰা আক্ৰান্ত কুকুৰ মেকুৰী বা বনৰীয়া জন্তুৱে কামুৰিলে মানুহলৈ বিয়পে আৰু আনবিধ হল প্ৰক্ষ্যাঘাটযুক্ত (Dumb বা paralytic) ৰেবিজ যি সচৰাচৰ আক্ৰান্ত বাদুলিৰ পৰা আৰু অসম্পূৰ্ণকৈ ভেকচিন ল’লে হয়। বিশ্বত প্ৰায় ৫৯,০০০ লোক বছৰি ৰেবিজত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। ভাৰতৰ দৰে উন্নয়নশীল দেশত য’ত স্বাস্থ্য সজাগতাৰ দিশত এতিয়াও বহু পিছ পৰি আছে তেনে ক্ষেত্ৰত ৰেবিজত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সঠিককৈ ক’ব পৰা নাযায়।
কুকুৰ বা অন্য জীৱ জন্তুৱে কামোৰাৰ পিছত দেহত ৰেবিজ ভাইৰাছ হোৱাৰ পৰা লক্ষণ প্ৰকাশ হোৱালৈকে যিমান সময় লাগে ই সাধাৰণতে ৫ দিনৰ পৰা ৭ বছৰলৈকে হ’ব পাৰে যাক Incubation period বুলি কোৱা হয়।
ওপৰত উল্লেখ কৰা ল’ৰা দুজন প্ৰথম প্ৰকাৰৰ অৰ্থাৎ এনকেফেলাইটিক‌‌ ৰেবিজৰ দ্বাৰা আক্ৰান্ত হৈছিল।
যিখিনি ঠাইত কুকুৰ বা আন জীৱ জন্তুৱে কামোৰে সেই ঠাইৰ পৰা এই ভাইৰাছ আমাৰ দেহৰ স্নায়ুয়েদি মগজুলৈ গতি কৰে। মগজুত ভাইৰাছৰ বংশ বৃদ্ধি হৈ দেহৰ প্ৰায় প্ৰতিটো অংগলৈ ই বিয়পি পৰে আৰু লক্ষণ সমূহ প্ৰকাশ পায়। সাধাৰণতে আক্ৰান্ত জীৱ জন্তুৱে মানুহৰ ডিঙি বা মুখ মণ্ডলত কামুৰিলে এই বেমাৰৰ লক্ষণ,দেহৰ আন ঠাইত অৰ্থাৎ হাত বা ভৰিত কামোৰাতকৈ আগতীয়াকৈ প্ৰকাশ পায়। প্রথম অৱস্থাত এই বেমাৰৰ লক্ষণ বোৰ সাধাৰণ জ্বৰ চৰ্দিৰ দৰে হ’ব পৰে। কিন্তু ক্ৰমান্বয়ে পানী খাব নোৱাৰা, বতাহ লাগিলে জিকাৰ খাই উঠা আদিৰ উপৰিও মুখৰ পৰা অতিপাত লেলৱতি ওলোৱা আদি হ’ব পাৰে। অৱশেষত ৰোগীজনে উন্মাদ আচৰণ কৰে আৰু মৃত্যুক আকোৱালি লয়। এই লক্ষণ সমূহ প্রথমবিধ অৰ্থাৎ furious ৰেবিজৰ হয় আৰু এই বিধ ৰেবিজ এই বেছি সঘনাই দেখা যাই। দ্বিতীয় বিধ ৰেবিজত অৰ্থাৎ paralytic ৰেবিজত এই লক্ষণ সমূহ দেখা নাযায়। বৰঞ্চ ৰোগী জনৰ স্নায়ু সমূহ অকামিলা হৈ পৰে। ইয়াৰ ফলত মানুহজনৰ হাত ভৰিৰ লগতে কেতিয়াবা শ্বাস প্ৰশ্বাসৰ মাংসপেশী সমূহৰ কাৰ্য্য ক্ষমতা লোপ পায়।
প্ৰাথমিক চিকিৎসা হিচাপে কামোৰা ঠাই খিনি ভালদৰে চাবোন বা আন জীৱনু নাশক দ্ৰৱ্যৰে ধুই দিব লাগে আৰু শীঘ্ৰে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ লৈ লৈ যোৱা উচিত। কামোৰা ঠাইৰ গভীৰতালৈ চাই অথবা যদি কামোৰা জন্তুটো সন্দেহজনক হয় , ৰেবিজ ইমুণগ্লবুলিন বেজী, কামোৰা ঠাইৰ লগতে হাতৰ মাংসপেশীত দিয়া হয়। আৰু লগতে প্ৰতিষেধক হিচাবে ৰেবিজ ভেকচিন লোৱাটো অতি জৰুৰী। যদিহে পোহনীয়া কুকুৰ বা মেকুৰীয়ে কামোৰে তেন্তে সেই কুকুৰ বা মেকুৰীক অন্ততঃ দহ দিনমানলৈকে নজৰত ৰাখিব লাগে। যদিহে এই সময়চোৱাত জন্তুটোৰ আচৰণৰ কিবা তাৰতম্য দেখা যায়,তেন্তে ৰেবিজত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।
অকণমান অসাৱধানতাই যিদৰে ওপৰত উল্লেখ কৰা পৰিয়াল দুটালৈ অমানিশা কঢ়িয়াই আনিলে, গতিকে আমি এই বাৰ্তা বিয়পাই দিয়া উচিত যে, কুকুৰ মেকুৰী বা অনান্য বনৰীয়া জীৱ জন্তুৱে কামুৰিলে অথবা আঁচুৰিলেও আমি সাধাৰণ ভাৱে লোৱা উচিত নহয়। অন্ততঃ সময়মতে ৰেবিজ ভেকচিন লৈ এই ভায়বহ ৰোগ টোৰ পৰা হাতসাৰি থাকিব পাৰি।

ড° অপূৰ্ব দত্ত

সহকাৰী অধ্যাপক , মেডিচিন বিভাগ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় পিন নং ৭৮৬০০২ মোবাইল নং: ৯৩৯৫৫৬৫১৫৩

ড° অপূৰ্ব দত্ত
সহকাৰী অধ্যাপক , মেডিচিন বিভাগ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় পিন নং ৭৮৬০০২ মোবাইল নং: ৯৩৯৫৫৬৫১৫৩
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -
Google search engine

Most Popular

Recent Comments