2016 চনত অসম আৰক্ষী UB কনিষ্ঠবল পদৰ বিজ্ঞাপন যেতিয়া ওলাইছিল তেতিয়া কেইদিনমান পিছত মই পদটোৰ বাবে আবেদন কৰিছিলোঁ। বিজ্ঞাপন মতে প্ৰথমতে মেডিকেল তাৰ পিছত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব লগতে নম্বৰ ভাল উঠাব পাৰিলেহে পিছত মেধা তালিকাৰ ভিত্তিত লিখিত পৰীক্ষাত বহিব পাৰিব বুলি উল্লেখ আছিল।
প্ৰথম কথাটো হ’ল মই সৰুৰে পৰা ফুটবল খেলৰ লগত বেছি জড়িত আছিলোঁ। যাৰ দ্বাৰা মই শাৰীৰিক চৰ্চাত বেছি ধ্যান দিব পাৰিছিলোঁ।2014 চনত মই Graduation complete কৰি ঘৰৰ ওচৰৰে সৰু ভাই-ভন্টীসকলক পঢ়া শিকাই দিছিলোঁ লগতে মোৰো ভালেখিনি সহায় হৈছিল। দুপৰীয়া আৰু আবেলি সময়ত মই ফুটবল খেলৰ জৰিয়তে নিজৰ শাৰীৰিক চৰ্চা কৰিব পাৰিছিলোঁ। ৰাতিপুৱা সোনকালে আৰু কেতিয়াবা ৰাতিৰ সময়ত মই অধ্যয়ন কৰিছিলোঁ।পাঠ্যক্ৰম মতে প্ৰত্যকটো বিষয়ৰ ওপৰত ধুনীয়াকৈ বহী বনাই লৈছিলোঁ আৰু লিখি গৈছিলোঁ। আজৰি সময়ত সেই লিখনিবোৰ পঢ়ি গৈছিলোঁ।মাজে মাজে গাঁৱৰ ভাইটি-ভন্টীসকলৰ লগতো আলোচনা কৰিছিলোঁ সেই স্কুলীয়া কিতাপবোৰৰ বিষয়ে, যিহেতু আমাৰ পাঠ্যক্ৰম আছিল নৱম আৰু দশম মান শ্ৰেণীৰ ওপৰত। যেতিয়া কিছুমান সূত্ৰ মোৰ মনত নাছিল মই শুৱা বিচনাৰ পৰা চাব পৰাকৈ বেৰত কাগজত সূত্ৰসমূহ লিখি সদায় চাই গৈছিলোঁ আৰু ইয়ে মোক বহুত উপকৃত কৰিছিল। এনেদৰে অনুশীলনৰ দ্বাৰা মোৰ আত্মবিশ্বাস বেছি গঢ়ি উঠিছিল। পৰিয়ালৰ মানুহ, গাঁৱৰ মানুহ, মোৰ ভাই-বন্ধুসকল, জ্যেষ্ঠ-কনিষ্ঠ প্ৰত্যেকেই মোক বেছিকৈ সাহস তথা প্ৰেৰণা দিছিল। অৱশেষত মোৰ শাৰীৰিক পৰীক্ষাৰ তাৰিখ আহিল, সেইমতে মই পৰীক্ষাকেন্দ্ৰৰ গেটত উপস্থিতি হলোগৈ। কম্পিউটাৰ server link বেয়া থকা বাবে আমাক গেটৰ ভিতৰলৈ যাবলৈ দিয়া নাছিল। বহুত সময় অপেক্ষা কৰাৰ পিছতহে ভিতৰলৈ আমাক সোমাবলৈ দিলে আৰু প্ৰখৰ ৰ’দত লাইন পাতি বহাই থৈ দিলে। পেটত ভোক আৰু ৰ’দৰ চাপে মোক বহুতখিনি অসুবিধা দিছিল যদিও মই হাৰ মনা নাছিলো। সময় আৰু ধৈৰ্য্যৰ সৈতে যুঁজি-যুঁজি সকলো মেডিকেলৰ পৰীক্ষা লগতে 3200 মিটাৰ দৌৰ আৰু দীঘল জাঁপত ভাল নম্বৰ লৈ উত্তীৰ্ণ হলোঁ। কেইদিনমান পিছত মেধাৰ লিষ্ট ওলাল আৰু লিখিত পৰীক্ষাৰ বাবে নাম আহিল।সময়মতে ওপৰত লিখা ধৰণেৰে মই নিজৰ অধিকতম সময় নিজৰ সপোনৰ পদটোৰ বাবে দিলো। লিখিত পৰীক্ষাৰ প্ৰৱেশপত্ৰ ওলাল,তাৰিখ আৰু সময়মতে পৰীক্ষাকেন্দ্ৰৰ গেটত উপস্থিত হলোগৈ। গেটত প্ৰাৰ্থীৰ ভিৰ, সকলোৰে মনত ভয়-শংকা প্ৰশ্ন বা কেনেকুৱা আহে কমন পৰে নে নাই বা যদিও মই এইবোৰ ভৱা বাদ দি নিজৰ পৰিয়ালৰ আশীৰ্বাদ, নেদেখাজনৰ আশীৰ্বাদ শিৰত লৈ লিখিত পৰীক্ষাটো ভালদৰে পাৰ কৰিলো। অৱশেষত দেৱালীৰ দিনাখন সেই ভাল খবৰটো আহিল, মই শুৱা বিছনাৰ পৰা উঠাই নাছিলোঁ হঠাৎ লগৰ এটাই ফোন কৰি কলে যে মোৰ নামটো পেপাৰত উঠিছে অন্তিম মেধাৰ তালিকাত।মই একদম চিঞৰি ঘৰৰ মানুহক জনাই দিলোঁ যে মই মোৰ সপোনৰ পদটো পাই গলো। মোৰ যে ইমান ভাল লাগিছিল নহয়, বুজাব নোৱাৰা এক আৱেগ। গতিকে মৰমৰ ভাই-বন্ধুসকল হাৰ নামানিবা কেতিয়াওঁ, সময় থাকোঁতে সফলতা নোপোৱালৈকে যুঁজি যাবা নিজৰ সপোনৰ পদৰ বাবে।
Great
Jeet Da Apuni ajon bohut val monor manuh. Really you great I respect you Jeet Da🥰🥰🥰🥰 Apuni mok chini pai moi Roka khata play ground t practice korisilu jot apuni maje maje ahi amak bohut motivated korisile. Dada mor karone duwa koribo amar upcoming jikhini Assam police r AB UB r result ase tate moro Name thake jen dowa koribo Dada.