এজনী ছোৱালী যেতিয়া বোৱাৰী হৈ নিজৰ ঘৰৰ পৰা আন এখন নতুন ঘৰলৈ যায় তেতিয়া সেই নতুন ঘৰখনক আপোন কৰি লয়৷ কেতিয়াবা হয়তো নতুন পৰিয়ালটোক বুজি উঠাত অলপ পলম হ’ব পাৰে কিন্তু তেওঁ চেষ্টা কৰিয়েই থাকে৷ এইখিনি সময়তে কেতিয়াবা নতুনকৈ অনা বোৱাৰী গৰাকীৰ ওপৰত নানা ধৰণে আতিশয্য চলোৱা হয়৷ মাৰপিট কৰা হয়৷ কেতিয়াবাতো মাৰিয়ে পেলোৱা হয়৷ আকৌ কেতিয়াবা শহুৰৰ ঘৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাও কৰাৰ উদাহৰণো আছে৷
এনেকুৱা ঘটনা বৰ্তমান সময়ত একেবাৰে সাধাৰণ হৈ পৰিছে ৷ আজিকালি আদালতৰ চৌহদ বোৰ এনেকুৱা কেচ মোকৰ্দমাৰ গোচৰীয়া পদকীয়াৰে ভৰ্ত্তি হৈ থাকে ৷ কি কাৰণে বা কিয় এনেকুৱা বোৱাৰীৰ অত্যাচাৰ বা হত্যাৰ ঘটনাই দিনে দিনে আমাৰ সমাজ খনক গ্ৰাস কৰি আহিছে তাকে দেখি চিন্তাও হয়৷ “INDIAN POLICE ” এ দিয়া তথ্য অনুসৰি ১৯৯৬ চনত এই ধৰণৰ FIR ৰেজিষ্টাৰ হৈছিল ২,৫০০ গৰাকীৰ ফালৰ পৰা৷ পাছলৈ THE INDIAN NATIONAL CRIME RECORDS BUREAO অৰ্থাৎ “NCRB” য়ে দিয়া তথ্য অনুসৰি ২০১১ চনত “DOWRY DEATH” ৰ কেচ ৰেজিষ্টাৰ হৈছে ৮,৩৩১ টা৷
ইয়াৰ কাৰণবোৰ কি কি?
এই ব্যাধিটোৰ মূল কাৰণ বুলি ক’বলৈ গ’লে বিভিন্ন দিশ যুঁকিয়াই চাব লাগিব৷
- তথাকথিত যৌতুক প্ৰথা
- অত্যধিক সা সম্পত্তিৰ লোভ
- শিক্ষাৰ অভাৱ
- মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ অভাৱ
এইবোৰক ৰোধ কৰাৰ উপায় বা ব্যৱস্থা:
আপোনাৰ বা আপোনাৰ আত্মীয় কাৰোবাৰ লগত যদি এনেধৰণৰ অত্যাচাৰ হয় তেন্তে আপোনাৰ প্ৰথম কাম হ’ব আপোনাৰ ওচৰৰ আৰক্ষী চকীত গৈ এখন FIR দিয়া৷
এই মাৰাত্মক ব্যাধিটোক ৰোধ কৰাৰ উদ্দেশ্যে তথা দোষীক উচিত শাস্তি দিয়াৰ বাবে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আইন প্ৰনয়ন হৈ আহিছে৷ যৌতুক লোৱাটো যিমান ডাঙৰ অপৰাধ দিয়াটোও সিমান ডাঙৰে অপৰাধ ৷ কেইখনমান বলিষ্ঠ আইনৰ বিষয়ে কও যিয়ে এইবোৰৰ বিৰুদ্ধে চৰম শাস্তিৰ বিধান ৰাখি থৈছে:
- DOWRY PROHIBITION ACT 1961
- SECTION 498(A) OF INDIAN PENAL CODE 1983
- PROTECTION OF WOMEN FROM DOMESTIC VIOLENCE ACT 2005 (PWDVA)
সামৰণি:
বোৱাৰীৰ ওপৰত মানসিক ও শাৰীৰিক অত্যাচাৰৰ ঘটনাবোৰ আজিকালি আমি প্ৰায়ে শুনো বা দেখো৷ এনেকুৱা হোৱা দেখিলে আপুনিও নিমাত হৈ বহি নাথাকিব৷ উচিত ব্যৱস্থা গ্ৰহণ কৰক৷ যৌতুক প্ৰথা নিপাত যাওক৷ নিঃশেষ হওক৷ এই বিষয়ে আপোনালোকৰ মতামতবোৰ দিব বুলি আশা কৰিলো৷